ETV Bharat / state

যুৱকৰ মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ : হত্যাৰ সন্দেহ পৰিয়ালৰ - যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল

যোৰহাটত এগৰাকী যুৱকৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ মৃত যুৱকগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি এয়া স্বাভাৱিক মৃত্যুৰ পৰিৱৰ্তে এক পৰিকল্পিত হত্যাকাণ্ড ৷

Suspected murder at majuli assam etv bharat news
যুৱকৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Sep 4, 2020, 10:11 PM IST

যোৰহাট,4 চেপ্তেম্বৰ: যোৰহাটৰ সৰুহুজ গাঁৱত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছে এগৰাকী যুৱকে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,ৰাজীৱ গগৈ নামৰ যুৱকগৰাকীৰ আকস্মিক মৃত্যুত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ যুৱকগৰাকীৰ পৰিয়ালৰ লোকে কৰা দাবী অনুসৰি মাজুলীৰ গড়মূৰ থানাত গৃহৰক্ষীৰ জোৱান হিচাপে কৰ্মৰত যুৱকগৰাকী সম্পূৰ্ণ সুস্থ আছিল ৷ বৃহস্পতিবাৰে নিশা সম্পূৰ্ণভাৱে সুস্থ অৱস্থাত পৰিয়ালৰ লোকৰ সৈতে কথা পতা যুৱকগৰাকীয়ে নিশা আকস্মিক মৃত্যুক সাৱটি লয় ৷

যুৱকৰ ৰহস্যজনক মৃত্যু

উল্লেখ্য যে,মাজুলীৰ পৰা শুকুৰবাৰে বাসগৃহলৈ অনা যুৱকগৰাকীৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট আছিল ৷ ইফালে গড়মূৰ থানাত কৰ্মৰত ৰাজীৱৰ সতীৰ্থই প্ৰকাশ কৰা অনুসৰি শাৰিৰীক অসুস্থতাৰ বাবে যুৱকগৰাকীয়ে চকীৰ পৰা হঠাতে ঢলি পৰি মৃত্যুক সাৱটি লয় ৷ ইতিমধ্যে ৰাজীৱৰ মৃত্যুৰ সম্পৰ্কত পুলিবৰ আৰক্ষীক অৱগত কৰাত যুৱকগৰাকীৰ বাসগৃহত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰাজীৱৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায় ৷

লগতে চাওকঃ 2021 ত বিজেপিয়ে অসমত 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব : ৰাম মাধৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.