ETV Bharat / state

যোৰহাটত ছাত্ৰী নিৰুদ্দেশ

author img

By

Published : Aug 24, 2019, 5:47 PM IST

22 আগষ্টৰ পৰাই নিৰুদ্দেশ হৈ আছে তানিশা বেগম নামৰ ছাত্ৰীগৰাকী ৷ যোৰহাট সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল

যোৰহাটত ছাত্ৰী নিৰুদ্দেশ

যোৰহাট, 24 আগষ্ট : যোৰহাটত ছাত্ৰী নিৰুদ্দেশ ৷ যোৱা 22 আগষ্টৰ পৰাই নিৰুদ্দেশ হৈ আছে তানিশা বেগম নামৰ ছাত্ৰীগৰাকী ৷ তানিশা বেগম যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰী ৷ নিৰুদ্দেশ হোৱা ছাত্ৰী গৰাকীৰ মাতৃয়ে জনোৱা মতে নিৰুদ্দেশ হোৱাৰ দিনা এটা অচিনাকি নন্বৰৰ পৰা ফোন অহাৰ পাচৰ পৰাই হাহাকাৰ অৱস্থা হৈছে পৰিয়ালটোত । এজন অচিনাকি যুৱকে অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালে। ইতিমধ্যে যোৰহাট সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে । তিনিটাকৈ দিন উকলি যোৱাৰ পাচতো আৰক্ষীয়ে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীৰ এই ভূমিকাত ক্ষোভিত হৈ পৰিছে পৰিয়াল তথা আত্মীয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.