ETV Bharat / state

Student goes missing : যোৰহাটৰ পৰা এজন ছাত্ৰ নিৰুদ্দেশ

author img

By

Published : Jan 29, 2022, 3:28 PM IST

যোৰহাটৰ এজন ছাত্ৰ নিৰুদ্দেশ হৈ আছে ৷ শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰা ঘৰলৈ অহা নাই কিৰণ তামুলী নামৰ ছাত্ৰজন (Student goes missing in Jorhat) ৷ ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাটৰ চিনামৰা আৰক্ষী চকীত দাখিল কৰি পুত্ৰৰ নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ ৷

Student Missing in Jorhat
যোৰহাটত এজন ছাত্ৰ নিৰুদ্দেশ

যোৰহাট, 29 জানুৱাৰী : যোৰহাটত ছাত্ৰৰ নিৰুদ্দেশ সম্পৰ্কীয় এটি ঘটনা পোহৰলৈ আহিছে (Student goes missing in Jorhat)। শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰা ঘৰলৈ অহা নাই কিৰণ তামুলী নামৰ ছাত্ৰজন । যোৰহাট জিলাৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰূপনগৰৰ বসন্ত তামুলী আৰু জান তামুলীৰ পুত্ৰ বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰিছে ৷

ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাটৰ চিনামৰা আৰক্ষী চকীত দাখিল কৰি পুত্ৰৰ নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ (family lodge a FIR of missing student) ৷ অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈকে ছাত্ৰজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷

যোৰহাটত এজন ছাত্ৰ নিৰুদ্দেশ

সম্প্ৰতি ছাত্ৰজনৰ পিতৃ-মাতৃয়ে বিচাৰিছে ৰাইজৰো সহায় ৷ আনহাতে ছাত্ৰজনৰ নিৰুদ্দেশ হোৱা ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ৰাইজৰ দলৰ যোৰহাট জিলাৰ সভাপতি দিব্যজ্যোতি শৰ্মাইও ছাত্ৰজনৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত ৰাইজলৈ জনাইছে সহায়ৰ আহ্বান । কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ ছাত্ৰ গৰাকীৰ কোনো সম্ভেদ পালে 76380-35666 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷

লগতে পঢ়ক : খুমটাইৰ মিছামৰা চাহ বাগিচাত নিৰুদ্দেশ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.