ETV Bharat / state

অৱস্থান ধৰ্মঘটত বহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী - protest

2015 চনত নগা দুষ্কৃতিকাৰীক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে মৰিয়নীৰ মগ্ৰৈ আৰু হোলোংগুৰি অঞ্চলত দুটাকৈ অসম আৰক্ষীৰ বিঅ’পি নিৰ্মাণৰ অনুমোদন কৰা হৈছিল ৷ কিন্তু আজি পৰ্যন্ত উক্ত স্থানত নিৰ্মাণ নহ’ল বিঅ’পি নিৰ্মাণৰ কাম ৷ চৰকাৰৰ এই গা এৰা ভূমিকাৰ বাবে মঙলবাৰে পুৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰূপায়িত কৰে তিনিঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৷

strike of mla rupjyoti kurmi mariyani jorhat assam etv bharat news
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ধৰ্মঘট
author img

By

Published : Aug 11, 2020, 3:21 PM IST

মৰিয়নী,11 আগষ্ট: দীৰ্ঘদিনৰ পৰাই অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নীত আগ্ৰাসন অব্যাহত আছে নগাৰ ৷ নাগালেণ্ডৰ সীমান্তৱৰ্তী যোৰহাটৰ মৰিয়নীৰ তিনিখন সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 90 শতাংশ ভূমি বৰ্তমান নগাৰ দখলত ৷ স্থানীয় ৰাইজে এইক্ষেত্ৰত নগা লোকৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হ’লেও বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই ৰাজ্য চৰকাৰে ৷ বিগত সময়ছোৱাত অৰ্থাৎ 2015 চনতে নগা দুষ্কৃতিকাৰীক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে মৰিয়নীৰ মগ্ৰৈ আৰু হোলোংগুৰি অঞ্চলত দুটাকৈ অসম আৰক্ষীৰ বিঅ’পি নিৰ্মাণৰ অনুমোদন কৰা হৈছিল ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ধৰ্মঘট

কিন্তু আজি পৰ্যন্ত উক্ত স্থানত নিৰ্মাণ নহ’ল বিঅ’পি নিৰ্মাণৰ কাম ৷ চৰকাৰৰ এই গা এৰা ভূমিকাৰ বাবে মঙলবাৰে পুৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰূপায়িত কৰে তিনিঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৷ মৰিয়নী থানা তিনিআলিত বিধায়ক কুৰ্মীয়ে অকলে এই প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে বিঅ’পি দুটা নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে ৷ বিঅ’পি দুটাৰ নিৰ্মাণে নগা সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায়ক হ’ব বুলি আশাবাদী বিধায়কগৰাকী ৷

লগতে চাওকঃ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ বিয়োগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.