ETV Bharat / state

Kaliani Sports Association celebrate silver jubilee: যোৰহাটত ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান - Silver Jubilee Cultural Procession

যোৰহাটৰ কলিয়নী ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ(Silver jubilee of Kaliani Sports Association) । ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাই আয়োজন কৰিছে এই ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ । শনিবাৰে প্ৰথম দিনা বাহিৰ কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ।

Silver jubilee of Kaliani Sports Association
যোৰহাটৰ কলিয়নীত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা
author img

By

Published : Jan 21, 2023, 3:21 PM IST

যোৰহাটৰ কলিয়নীত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

যোৰহাট,২১ জানুৱাৰী: যোৰহাটত অনুষ্ঠিত কৰা হয় কলিয়নী অঞ্চলৰ সমাজিক-সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান । কোচগাঁও গাঁওৰক্ষী বাহিনী আৰু বৃহৎ গাঁওবাসীৰ সহযোগত শনিবাৰে আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ হৈছে ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান(Silver jubilee of Kaliani Sports Association) । কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে নিমাতী কোচগাঁও অস্থায়ী মঞ্চত অনুষ্ঠিত কৰা হয় (Sports Association celebrates silver jubilee celebrations in Jorhat) ।

আজি ৰূপালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা ৮:৩০ বজাত বন্তি প্ৰজ্বলন কৰে ৰামেশ্বৰ দত্তই, ৮:৪৫ বজাত পতাকা উত্তোলন কৰে কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ সভাপতি ভৃগু ফুকন দত্তই । ৯ বজাত স্মৃতি তৰ্পন কৰে বিনন্দ চন্দ্ৰ দত্তই, ৯.৪৫বজাত বৃক্ষ ৰোপন কৰে কোচ গাওঁ উন্নয়ন সমিতি সভাপতি অনিল দত্তই আৰু ১২ বজাত গাঁওখনৰ মাজেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়(Silver Jubilee Cultural Procession) ।

কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান লগত সংগতি ৰাখি উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত জাতি জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰতিফলিত হয় । লগতে নৱপ্ৰজন্মৰ মাজত চিনাকী কৰি দিয়া উদ্দেশ্যে কৃষি কৰ্মৰ সা-সঁজুলি উক্ত শোভাযাত্ৰাত স্থান দিয়া হয় । বৃহৎ অঞ্চলটোৰ বৃদ্ধ বনিতাৰ লগতে ডেকা-গাভৰু সকলো লোক ওলাই আহি উক্ত কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰে(Kaliani Sports Association celebrate silver jubilee) ।

উল্লেখ্য যে যোৰহাট জিলাৰ চাৰিগাঁও মৌজাৰ অন্তৰ্গত নিমাতী কলিয়নী অঞ্চলৰ সমাজিক-সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান কোচগাঁও গাওঁৰক্ষী বাহিনী আৰু বৃহৎ গাঁওবাসীৰ সহযোগত আজি আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ হৈছে । উক্ত ৰূপালী জয়ন্তীত বৰ্ণিল সাহিত্য, ক্ৰীড়া-সাংস্কৃতিক সকলো অনুষ্ঠান সমাহাৰ ঘটিছে(Cultural programme at silver jubilee) ।

অন্যহাতে কাইলৈ অথাৎ ২২ জানুৱাৰীত বিভিন্ন ধৰণৰ বৰ্ণিল অনুষ্ঠান আয়োজন হ'ব । উক্ত ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, অসম ঔদ্যোগিক আন্তঃগাঁঠনি উন্নয়ন পৰিষদৰ অধ্যক্ষ শান্তনু পুজাৰীয়ে লগতে বিভিন্ন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Gunotsav in Assam: বৰপেটাত গুণোৎসৱত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.