ETV Bharat / state

টীয়কত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন

author img

By

Published : Nov 21, 2020, 7:53 PM IST

বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তে পঞ্চায়তে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ চেষ্টা বিজেপিৰ। যোৰহাটৰ টীয়কত ১০২নং বিধানসভা সমষ্টিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন।

টীয়কত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন
টীয়কত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন

টীয়ক, ২১ নৱেম্বৰ : যোৰহাটৰ টীয়কত শনিবাৰে ১০২নং বিধানসভা সমষ্টিত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। কলিয়াপানী মণ্ডলৰ সভাপতি দীপক শইকীয়াৰ সভাপতিত্বত টীয়কৰ ফুডভিল্লা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সভাখন। সভাত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সদস্য অসীম বৰুৱা, ৰাজ্যিক বিজেপিৰ চিকিৎসা কোষৰ সদস্য ডাঃ যদুনাথ বুঢ়াগোহাঁই, চিপাহীখোলা মণ্ডলৰ সভাপতি ৰাতুল বৰঠাকুৰ, জিলা উপ-সভাপতি ৰফিক উজ জামান, সম্পাদক অমৰ শইকীয়া, সম্পাদিকা ৰুমী চেতিয়া প্ৰমুখ্যে জিলাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

সমষ্টিটোৰ নৱনিযুক্ত প্ৰভাৰী দীপক গোস্বামী আৰু বিস্তাৰক প্ৰাঞ্জল গগৈয়ে এই সভাতে আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ কৰি ২০২১ৰ বিধানসভা নিৰ্বাচনত কিদৰে দলীয়ভাৱে ৰাজনীতিৰ পথাৰখনত সকলো অৱতীৰ্ণ হ'ব সেই বিষয়ে বিতংভাৱে আলোচনা কৰে। চৰকাৰে সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ বাবে যি জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে সেইসমূহ আঁচনি সুচাৰুৰূপে ৰাইজৰ মাজলৈ লৈ যোৱাৰ দ্বায়িত্ব প্ৰতিজন কৰ্মকৰ্তাৰ বুলি মন্তব্য কৰে প্ৰভাৰীগৰাকীয়ে ।

সকলোকে নিষ্ঠা আৰু সততাৰে দলৰ নীতি আদৰ্শ অটুত ৰাখি কাম কৰি সাংগঠনিক ভেঁটি সুদৃঢ় কৰিবলৈ আহ্বান জনায়। ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহে ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিজেপিও পঞ্চায়ত পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লকৈ দলৰ একতা বৰ্তাই ৰাখিবলৈ জিলাই জিলাই চেষ্টা অব্যাহত ৰাখিছে। সকলোকে একত্ৰিত কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ ৰণকৌশল যুগুত কৰিছে দলৰ নেতৃত্বই।

লগতে পঢ়ক:স্বৰ্গীয় হৰমোহন গোস্বামী আদৰ্শ খেলপথাৰৰ আধাৰশিলা স্থাপন লক্ষ্য কোঁৱৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.