ETV Bharat / state

শামুকীয়া গতিত চলিছে পথ পুনৰ নিৰ্মাণৰ কাম

author img

By

Published : May 28, 2019, 1:36 PM IST

Updated : May 28, 2019, 2:33 PM IST

পথ নিৰ্মানৰ লগত জড়িত বিভিন্ন বিভাগ সমূহৰ মাজত সমন্বয়হীনতাৰ বাবে নিৰ্মানকাৰ্য অতিশয় মন্থৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লেহেম গতিত চলিছে যোৰহাট চহৰৰ বিভিন্ন পথ পুৰ্ণ নিৰ্মাণৰ কাম

যোৰহাট , 28 মে': যোৰহাট জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ আহল-বহল কৈ নিৰ্মাণৰ অৰ্থে কাম আৰম্ভ কৰা হৈছিল ৷ কিন্তু বিগত প্ৰায় এটা বছৰে কামৰ সন্তোষজনক অগ্ৰগতি নোহোৱাত সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে ৷ জিলা খনৰ বিভিন্ন বিভাগৰ সমন্বয়হীনতাৰ বাবে গুৰুত্বপূৰ্ণ পথ কেইটা নিৰ্মাণ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

শামুকীয়া গতিত চলিছে পথ পুৰ্ণ নিৰ্মাণৰ কাম

উল্লেখ্য যে, স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বিশেষ তৎপৰতাত নগৰখনৰ সদাব্যস্ত জে বি ৰোড , তৰুণৰাম ফুকন পথ আৰু বৰপাত্ৰ আলিৰ লগতে তুলসী নাৰায়ণ শৰ্মা পথকেইটাত আহল-বহলকৈ নলা-নৰ্দমা ব্যৱস্থা কৰি উন্নত ৰূপত নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছিল ৷ সেই মতে কাম আৰম্ভ কৰি নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ হলেও বিভিন্ন বিভাগৰ টনা-আজোৰাৰ মাজৰে , বৰপাত্ৰ আলিৰ সৈতে মালৌআলি-তিনিআলি পৰ্যন্ত সংযোগ হোৱা তুলসী নাৰায়ণ শৰ্মা পথটো সম্পূৰ্ণ হৈ উঠিছে যদিও এতিয়াও 20 শতাংশ নিৰ্মাণৰ কাম বাকী আছে ।

ইফালে জে বি ৰোড আৰু তৰুণৰাম ফুকন পথ দুটিও উন্নত ৰূপত পদপথ সংলগ্ন কৰি আহল-বহল কৈ নিৰ্মাণ বাবে গড়কাপ্টানী বিভাগে কাম আৰম্ভ কৰে ৷ কিন্তু অভিযোগ অনুসৰি পথ দুটাৰ স'তে জড়িত হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৌৰসভা , বন বিভাগ , শক্তি বিভাগ, আৰবান ৱাটাৰ , আদিয়ে সময় মতে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী তথা সংশ্লিষ্ট বিভাগৰ স'তে প্ৰয়োজনীয় সহযোগ নকৰাৰ ফলত উক্ত পথ দুটাৰ নিৰ্মানকাৰ্য অতিশয় মন্থৰ হৈ পৰিছে ৷

ধান নপকালৈকে টুনিৰ মৰণ।।
ডিচেম্বৰতহে সম্পূৰ্ণ হব মুখ্য পথসমুহ।।

বিধান সভাৰ অধ্যক্ষৰ কথাকো গূৰুত্ব নিদিয়ে বিভাগৰ মুৰব্বীয়ে।তাৰ প্ৰমাণ যোৰহাট চহৰখনৰ বিভিন্ন পথ সমূহ পুৰ্ণ নিৰ্মাণ ক্ষেত্ৰত।
জিলা খনৰ বিভিন্ন বিভাগৰ সমন্ধয়হীনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পথ আহল-বহল কৈ নিৰ্মাণৰ অৰ্থে কাম আৰম্ভ কৰিও বিগত প্ৰায় এটা বছৰ ধৰি কামৰ সন্তোষজনক অগ্ৰগতি নোহোৱাত জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছে।উল্লেখযোগ্য যে স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বিশেষ তৎপৰতাত নগৰখনৰ অন্যতম গুৰুত্বপূৰ্ণ তথা সদাব্যস্ত জে বি ৰোড,তৰুণৰাম ফুকন পথ,আৰু বৰপাত্ৰ আলিৰ লগতে তুলসী নাৰায়ণ শৰ্মা পথকেইটা আহল-বহলকৈ নলা-নৰ্দমা ব্যৱস্থাৰ উন্নত ৰূপত নিৰ্মাণৰ আচনি গ্ৰহণ কৰা হয়।সেই মতে কামৰ আৰম্ভ কৰি নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ হলেও বিভিন্ন বিভাগৰ টনা-আজোৰাৰ মাজৰে বৰপাত্ৰ আলিৰ সৈতে মালৌআলি তিনিআলি পৰ্যন্ত সংযোগ হোৱা তুলসী নাৰায়ণ শৰ্মা পথটো সম্পূৰ্ণ হৈ উঠিছে যদিও এতিয়াও ২০ শতাংশ বাকী আছে।ইফালে জে বি ৰোড আৰু তৰুণৰাম ফুকন পথ দুটিও উন্নত ৰূপত পদপথ সংলগ্ন কৰি আহল-বহল কৈ নিৰ্মাণ বাবে গড়কাপ্টানী বিভাগে কাম আৰম্ভ কৰে যদিও পথ দুটাৰ সৈতে জড়িত হৈ থকা জনস্বাস্হ্য কাৰিকৰী বিভাগ,পৌৰসভা,বন বিভাগ,বিদ্যুৎ বিভাগ, আৰবান ৱাটাৰ,আদিয়ে সময় মতে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী তথা সংশ্লিষ্ট বিভাগৰ সৈতে প্ৰয়োজনীয় সহযোগ নকৰাৰ ফলতে উক্ত পথ দুটাৰ নিৰ্মান কায্য অতিশয় মন্হৰ হৈ পৰিছে।যাৰফলত বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে হঠাতে পৰিদৰ্শন কৰিবলগীয়া পৰিস্থিতি হৈছে গৈ।
ৰাজ্যখনৰ ভিতৰত গূৰুত্বপূৰ্ণ জিলা হিচাবে পৰিচিত যোৰহাট জিলা খনৰ এনেদৰে বিভিন্ন চৰকাৰী বিভাগৰ সমন্ধয়হীনতাৰ ফলতেই জীয়াটো ভুগিছে যোৰহটীয়া ৰাইজে।হয়তো ইয়াকে কয় ধান পকা মানে টুনিৰ মৰণ।।
Last Updated : May 28, 2019, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.