জোনাই 12 মে': গাহৰিৰ দেহত দেখা দিয়া আফ্ৰিকান ফিভাৰৰ পৰা পৰিত্ৰাণ পাবলৈ মিচিং স্বায়ত্ত শাসিত পৰিষদে ছেনিটাইজ কৰে গাহৰিৰ গৰাল । যোৰহাট জিলাৰ বিভিন্ন গাঁৱত গ্ৰহণ কৰা হয় এই পদক্ষেপ ।
গাহৰি পালক সকলৰ লগতে স্থানীয় গাঁওবুঢ়া, স্থানীয় সংগঠনৰ নেতা, পঞ্চায়তৰ ৱাৰ্ড সদস্য সকলে এক সভা অনুষ্ঠিত কৰে । উক্ত সভাত চিমেন চাপৰি পহু পালন আৰু চিকিৎসা বিভাগৰ ডাক্তৰ ৰাজু দত্ত উপস্থিত থাকে ।
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৭নং সমষ্টিৰ অন্তৰ্গত যোৰহটীয়া গাঁওৰ নিবাসী তথা গাহৰি পালক দ্বীপেন গগৈৰ ঘৰত অনুষ্ঠিত কৰা আলোচনা সভাৰ পিছত গাঁওখনত থকা গাহৰি গৰাল সমূহ ছেনিটাইজ কৰা হয় ।
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৰা বিতৰণ কৰা হয় ১০০ লিটাৰ হাড্ৰকাৰ্ৱনেট আৰু ১২ টা ষ্প্ৰে' মেছিন ।
ইপিনে ৬ নং সানজাৰি নগৰ সমষ্টিৰ নিৰ্বাচিত সদস্য তথা কাৰ্যবাহী সদস্য মলেন নাৰ্জাৰীয়ে নিজৰ সমষ্টিত ছেনিটাইজ কাৰ্যসূচী শুভ উদ্বোধন কৰে ।
দুয়োটা কাৰ্যসূচীতে ডাক্তৰ ৰাজু দত্ত, কাৰ্যবাহী সদস্য ভৱানী দুৱৰা, মলেন নাৰ্জাৰীৰ লগতে স্থানীয় সংগঠন নেতাৰ সকল উপস্থিত থাকে ।