ETV Bharat / state

সকলোকে ভেকচিন ল’বলৈ আহ্বান সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ

author img

By

Published : Jun 21, 2021, 10:54 PM IST

বিশ্ব যোগ দিৱসৰ দিনা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে সকলোকে চৰকাৰে ক’ভিড ৰুধিবলৈ বিনামূলীয়াকৈ যি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে, তাক গ্ৰহণ কৰিবলৈ লগতে যোগ সাধনাৰ অভ্যাস গঢ়ি তুলি সু-স্বাস্থ্যৰ অধিকাৰী হ'বলৈ আহ্বান জনাইছে । আধ্যাত্মিক যুৱ সন্মিলন আৰু ৰেঙণি এটি আশাৰ উদ্যোগত বিশ্ব যোগ দিৱস পালন কৰা হৈছে ৷

urges-everyone-to-get-vaccinated-
ভেকচিন লবলৈ আহ্বান সত্ৰাধিকাৰৰ

টীয়ক, 21 জুন : বিশ্ব যোগ দিৱসৰ দিনা ভেকচিন ল'বলৈ ৰাইজলৈ আহ্বান দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ ৷ বিশ্ব যোগ দিৱসৰ দিনা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে সকলোকে চৰকাৰে ক’ভিড ৰুধিবলৈ বিনামূলীয়াকৈ যি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে, তাক গ্ৰহণ কৰিবলৈ লগতে যোগ সাধনাৰ অভ্যাস গঢ়ি তুলি সু-স্বাস্থ্যৰ অধিকাৰী হ'বলৈ আহ্বান জনাইছে । আধ্যাত্মিক যুৱ সন্মিলন আৰু ৰেঙণি এটি আশাৰ উদ্যোগত বিশ্ব যোগ দিৱস উপলক্ষে টীয়কৰ চটাইস্থিত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত আয়োজিত অনুষ্ঠানত সত্ৰাধিকাৰ দেৱগোস্বামীয়ে যোগৰ প্ৰয়োজনীয়তা আৰু প্ৰভাৱৰ ওপৰত বক্তব্য প্ৰদান কৰি প্ৰতিদিনেই যোগ সাধনাৰ জৰিয়তে ক’ভিডকো পৰাভূত কৰিব পৰা যাব বুলি মন্তব্য কৰে । লগতে চৰকাৰে বিনামূলীয়াকৈ দিয়া ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

ভেকচিন লবলৈ আহ্বান সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীৰ

সমগ্ৰ দেশৰ লগতে অসমতো অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ বৰ্তমানো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সময়ে সময়ে জাৰি কৰি আহিছে বিভিন্ন ক’ভিড নিৰ্দেশনা ৷ শেহতীয়াকৈ অসমত কৰ’ণা ভাইৰাছৰ প্ৰকোপ পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে যদিও ৰাজ্য চৰকাৰে বৰ্তমানো ক’ভিড প্ৰট’কল সম্পূৰ্ণভাৱে শিথিল কৰি দিয়া নাই ৷

শেহতীয়াভাৱে সোমবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে কৰ’ণা সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা৷ নতুন নীতি নিৰ্দেশনা মতে, ৰাজ্যত আন্তঃজিলা যাতায়াত বৰ্তমান বন্ধ থাকিব ৷ পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা । AIIMS ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই সতৰ্ক কৰি দিছে যে, ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ হোৱাটো নিশ্চিত আৰু এই তৃতীয় ঢৌৰ সংক্ৰমণ পৰৱৰ্তী ৬-৮ সপ্তাহৰ ভিতৰত দেশত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

urges-everyone-to-get-vaccinated-
ভেকচিন লবলৈ আহ্বান সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীৰ

দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভেকচিন প্ৰক্ৰিয়া অব্যাহত আছে যদিও কোনো কোনো অঞ্চলত বৰ্তমানো সজাগ হোৱা নাই লোক সকল ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শেহতীয়াকৈ প্ৰদান কৰা নিৰ্দেশমৰ্মে বিভিন্ন জিলাত জিলা প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰৰ উৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক (Covid-19 vaccine) প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ উল্লেখ্য যে, জিলাখনত কৰ’ণা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অভিযান পূৰ্বতকৈও অধিক ব্যাপক আৰু তীব্ৰতৰ কৰি তুলিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: শীঘ্ৰে ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ'ব দেশত ! ভাৰতবাসী সাজু নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.