মাজুলী, 19 অক্টোবৰ : মাজুলীবাসীৰ বাবে সু-খবৰ ৷ মাজুলীত মুকলি হ'ল গীত, কবিতা, বাদ্য বাণীবদ্ধ কৰিব পৰাকৈ 'সাৰেঙ্গ ষ্টুডিঅ' নামৰ এটা প্রতিস্থান ৷
উত্তৰ কমলাবাৰী সত্ৰৰ নিৰঞ্জন শইকীয়া আৰু দীপক বৰুৱাই গীত, কবিতা ইত্যাদি বাণীবদ্ধ কৰিব পৰাকৈ 'সাৰেংঙ্গ-ষ্টুডিঅ' নামৰ এটা প্রতিস্থান সোমবাৰে আৰম্ভণি কৰে । উত্তৰ কমলাবাৰী সত্রৰ সমীপত আৰম্ভ কৰা এই প্রতিস্থানটোৰ শুভ আৰম্ভণি কৰা অনুষ্ঠটোত উপস্থিত থাকে মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰী , অতিৰিক্ত উপায়ুক্ত অৰিন্দ্ৰম বৰুৱা, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া, মাজুলীৰ বিশিষ্ট শিল্পী ৰঞ্জিত কুমাৰ ভূঞাকে আদি কৰি বহু কেইগৰাকী মাজুলীৰ শিল্পী ।
উল্লেখ্য যে, অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে সংগীত নাটক বঁটাপ্ৰাপক গোপীৰাম বুঢ়াভকতে আৰু ষ্টুডিঅ'টি উন্মোচন কৰে বিশিষ্ট মুখাশিল্পী ড° হেমচন্দ্ৰ গোস্বামীয়ে ।
লগতে পঢ়ক : মহানগৰীত মুকাভিনয়ৰ জৰিয়তে কৰ’ণাৰ সজাগতা অভিযান