ETV Bharat / state

গ্ৰন্থৰ বিপণিত পঢ়ুৱৈৰ ৰূপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Teok Bookfair: 22 ডিচেম্বৰৰ পৰা পাঁচদিনীয়াকৈ পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে টীয়ক গ্ৰন্থমেলা ৷ গ্ৰন্থমেলাৰ তৃতীয় দিনা কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় ৷

Sarbananda Sonowal in Teok Book fair
গ্ৰন্থৰ বিপণীত পঢ়ুৱৈৰ ৰূপত কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 6:32 PM IST

Updated : Dec 24, 2023, 6:53 PM IST

গ্ৰন্থৰ বিপণীত পঢ়ুৱৈৰ ৰূপত কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

টীয়ক, 24 ডিচেম্বৰ : ডিচেম্বৰ মানেই কিতাপৰ বতৰ ৷ ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত 22 ডিচেম্বৰৰ পৰা পাঁচদিনীয়াকৈ টীয়ক হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে প্ৰথম টীয়ক গ্ৰন্থমেলাৰ ৷ দেওবাৰে গ্ৰন্থমেলাৰ তৃতীয় দিনা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় ৷ টীয়কৰ দৰে এটা অঞ্চলত এইদৰে সুন্দৰভাৱে গ্ৰন্থমেলা আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

কেবিনেট মন্ত্ৰী সোণোৱালে কয় যে, এই প্ৰচেষ্টাই টীয়কৰ সৰ্বস্তৰৰ ব্যক্তিৰ মাজত এক সুস্থ শৈক্ষিক, বৌদ্ধিক তথা মানসিক পৰিৱেশ গঢ়ি তুলিব বুলি আশাবাদী ৷ এখন সমাজ সবলীকৰণৰ বাবে গ্ৰন্থ হৈছে মূল উৎস ৷ যুগে যুগে এই প্ৰচেষ্টা চলি আহিছে আৰু আগলৈও চলি থাকিব ৷ এগৰাকী লিখকে বহু কষ্ট কৰি এখন গ্ৰন্থ লিখি উলিয়াই আৰু প্ৰকাশকে পাঠকৰ বাবে প্ৰকাশ কৰি উলিয়াই ৷ গতিকে দুয়োপক্ষকে উৎসাহিত কৰিবলৈ পঢ়ুুৱৈসকলৰ অতিকৈ আৱশ্যক ৷

গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কেইবাখনো গ্ৰন্থ বিপণি পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে । এই কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, বিশিষ্ট শিক্ষাবিদ ড৹ সৌমাৰ জ্যোতি মহন্ত, অসম সাহিত্য বঁটা প্ৰাপক ড৹ অকন চন্দ্ৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষা সচিব কমল জ্যোতি গগৈ, কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ ৰশ্মিৰেখা শইকীয়া, যুৱ নেতা অসীম বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

গ্ৰন্থমেলাৰ এই পৰিৱেশ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত প্ৰত্যকেই সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । এই সভাতে মন্ত্ৰীগৰাকীয়ে ড৹ অকন চন্দ্ৰ শইকীয়াৰ দুখনি গ্ৰন্থ উন্মোচন কৰে ।

লগতে পঢ়ক: ৰাজ্যিক কৰ্মচাৰীৰ লোক সেৱক আৰোগ্য যোজনাৰ নিৰ্দেশনা প্ৰকাশ

Last Updated : Dec 24, 2023, 6:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.