ETV Bharat / state

বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ - নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

তিতাবৰত হেমন্ত কলিতাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এই উপলক্ষে এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাক বিপুল ভোটত জয়ী কৰাৰ বাবে আহ্বান জনাই সোণোৱালে ৷

তিতাবৰত বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱাল

author img

By

Published : Mar 16, 2021, 8:24 PM IST

তিতাবৰ,16 মাৰ্চ: মঙলবাৰে তিতাবৰত হেমন্ত কলিতাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এই উপলক্ষে এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাক বিপুল ভোটত জয়ী কৰাৰ বাবে আহ্বান জনাই সোণোৱালে ৷

যোৱা ৫৫ বছৰে কংগ্ৰেছে শাসনৰ গাদীত থকাৰ পাচত অসমৰ খাটিখোৱা লোকৰ বাবে একোৱেই নকৰিলে ৷ কেৱল দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি ৰাজ্যৰ আন্তঃগাঁথনিহে দুৰ্বল কৰিলে বুলি মত প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷

তিতাবৰত বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱাল

'বিজেপিৰ চৰকাৰ দিনত ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ল ৷ ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীৰ সৃষ্টিশীল প্ৰৱণতা বৃদ্ধি কৰিবৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে ৷ অসমৰ প্ৰায়বিলাক গ্ৰাম্য পথ পকীকৰণ কৰা হৈছে ৷ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা আৰু স্কুটী প্ৰদান আদি কৰি একাধিক আঁচনি গ্ৰহণ কৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে' বুলি সৰ্বানন্দ সোণোৱালে কয় ৷

লগতে পঢ়ক: আজমলক ভাগ্য নিয়ন্তা হ’বলৈ নিদিওঁ: সৰ্বানন্দ সোণোৱাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.