ETV Bharat / state

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাঃ প্ৰতিখন জিলাৰ পৰা পূজাৰ বতৰা - Saraswati puja 2021 celebration in Assam

আজি ৰাজ্যজুৰি পালন কৰা হৈছে সৰস্বতী পূজা ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ উপলক্ষে আজি সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ ৷ দেৱীৰ পূজা-আৰাধনাৰ মাজতে শিক্ষাৰ্থী সকলৰ মাজত পৰিলক্ষিত হৈছে সৌন্দৰ্য প্ৰদৰ্শনৰ অঘোষিত প্ৰতিযোগিতা ৷ সাজোন-কাচোনেৰে পূজালৈ ওলাই আহিছে ছাত্ৰ-ছাত্ৰী সকল ৷

saraswati-puja-2021-celebration-in-assam
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা
author img

By

Published : Feb 16, 2021, 6:24 PM IST

যোৰহাট,16 ফেব্ৰুৱাৰী: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা ৷ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ সকলো শিক্ষানুষ্ঠানতে সম্পূৰ্ণ আধ্যাত্মিকতাৰে উদযাপন কৰা হৈছে এই সৰস্বতী পূজা ৷ বাগ দেৱীৰ আৰাধনাত মুখৰিত হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয় সমূহ ৷ সৰস্বতী দেৱীৰ পূজা-আৰাধনাৰ মাজতে প্ৰতিখন বিদ্যালয়তে পৰিলক্ষিত হৈছে উৎসৱ মুখৰ পৰিৱেশ ৷ লগতে প্ৰতিখন শিক্ষানুষ্ঠানতে দেখা পোৱা গৈছে অঘোষিত সৌন্দৰ্যৰ প্ৰতিযোগিতা ৷ বিশেষকৈ যোৰহাট নগৰৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয় আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চৌহদত পৰিলক্ষিত হৈছে এই অঘোষিত সৌন্দৰ্যৰ প্ৰতিযোগিতা ৷ সাজি-কাচি নিজকে সুন্দৰকৈ সজাই সকলো ওলাই আহিছে সৰস্বতী পূজালৈ ৷

যোৰহাটত সৰস্বতী পূজা

ইফালে মাজুলীতো দেখা গৈছে সৰস্বতীৰ পূজা উপলক্ষে এক উখল-মাখল পৰিৱেশ ৷ বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয় সমূহৰ পৰিৱেশ ৷ ইয়াৰ মাজতে কিন্তু মাজুলী এখন বিদ্যালয়ৰ পৰিবেশ সম্পূৰ্ণ সুকীয়া। মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত সৰস্বতী দেৱীৰ প্ৰতিমা সোমাই আছে কৰ'ণা ভাইৰাছৰ মাজত ৷ সন্মুখত দেখা গৈছে এখন সুন্দৰ ভেকচিনৰ গেট ৷ শেহতীয়া কৰ'ণা মহামাৰীৰ সন্ত্ৰাস আৰু ভাৰতে তৈয়াৰ কৰি উলিওৱা ভেকচিনক এইবৰ্ষৰ সৰস্বতী পূজাৰ মূল আৰ্কষণ হিচাপে প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে বিদ্যালয়খনে ৷ উল্লেখ্য যে, ব্যক্তিক্ৰমী চিন্তাৰে প্ৰতিবছৰে সৰস্বতী পূজাৰ মণ্ডপ নিৰ্মাণ কৰি বিদ্যালয়খনৰ ছাত্র ছাত্ৰী সকলে অভিভাৱক তথা স্থানীয় ৰাইজক আকৰ্ষিত কৰি আহিছে ৷ প্ৰধান আচাৰ্য সূৰ্য কুমাৰ ভূঞাৰ নেতৃত্বত বিদ্যালয়খনৰ ছাত্র ছাত্ৰী সকলে এই মণ্ডপ নিৰ্মান কৰি উলিয়াইছে ৷

মাজুলীৰ বনগাঁৱত সৰস্বতী পূজা

নগাঁও : সমগ্ৰ নগাঁও জিলাৰ লগতে ৰূপহীহাটৰ প্ৰতিখন বিদ্যালয়তে উলহ মালহেৰে পালন কৰা হৈছে এই পূজা ৷ প্ৰতিখন শিক্ষানুষ্ঠানতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা-অৰ্চনাই এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চলিছে অঘোষিত সাজপাৰৰ প্ৰতিযোগিতা ৷ নিজকৈ সুন্দৰকৈ সজাই-পৰাই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী ওলাই আহিছে শিক্ষানুষ্ঠান সমূহলৈ ৷ সৰস্বতী দেৱীক আৰাধনা কৰিবলৈ বিদ্যালয় সমুহত পুৱাৰে পৰা ন-পুৰণি সকলো ছাত্ৰ ছাত্ৰীৰ আগমন পৰিলক্ষিত হৈছে ৷

নগাঁৱৰ ৰূপহীহাটত সৰস্বতী পূজা

ধুবুৰী : ৰাজ্যত আন সমূহ জিলাৰ লগতে ধুবুৰীতো মহা ধুম ধামেৰে চলিছে স্বৰস্বতী পূজাৰ আয়োজন ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাক কেন্দ্ৰ কৰি আজি ধুবুৰীৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত চলিছে দেৱীৰ আৰাধনা । বিশেষকৈ ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়ত প্ৰতি বছৰৰ দৰে এইবছৰো অনুষ্ঠিত হৈছে সৰস্বতীৰ পূজা । উল্লেখ্য যে,ক'ভিডৰ প্ৰভাৱৰ বাবে বিগত বৰ্ষত শিক্ষানুষ্ঠান সমূহত স্বৰস্বতী পূজা অনুষ্ঠিত হোৱা নাছিল যদিও বৰ্তমান স্বাভাৱিক পৰিৱেশ ঘূৰি অহাত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত মহা ধুম ধামেৰে আয়োজন কৰা হৈছে সৰস্বতী পূজা ৷ সৰস্বতী পূজাক কেন্দ্ৰ কৰি ধুবুৰীতো ছাত্ৰ ছাত্ৰী সকলৰ মাজত দেখা গৈছে অঘোষিত সৌন্দৰ্যৰ প্ৰতিযোগিতা ৷ ধুবুৰী প্ৰেছ ক্লাৱৰ উদ্যোগতো দেখা গৈছে সৰস্বতী পূজাৰ আয়োজন ৷

ধুবুৰীত সৰস্বতী পূজা

ধিং: ইফালে সৰস্বতী পূজাক লৈ উদুলি-মুদুলি ধিং চহৰৰ বিভিন্ন শিক্ষানুষ্ঠান । বিদ্যাৰ অধিষ্ঠাত্রী সৰস্বতী দেৱীৰ পূজা আৰ্চনাক লৈ ধিং চহৰৰ শিক্ষানুষ্ঠান সমূহত দেখা গৈছে এক উদুলি-মুদুলি পৰিবেশ ৷ পুৱাৰে পৰা প্ৰতিখন শিক্ষানুষ্ঠানত পৰিলক্ষিত হৈছে ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ সমাগম ৷ দেৱীক আৰাধনা কৰা মন্ত্ৰৰ ধ্বনি,দেৱীৰ চৰণত আগবঢ়োৱা ধূপ-নৈবেদ্যৰ সুগন্ধই এক আধ্যাত্মিক পৰিৱেশৰ বিৰাজ কৰিছে শিক্ষানুষ্ঠান সমূহত ৷

নগাঁও ধিঙত সৰস্বতী পূজা

লগতে পঢ়কঃ নিৰ্বাচনী যুঁজলৈ সাজু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.