ETV Bharat / state

Sankardev Sangha Controversy : বিয়া খাবলৈ গৈ সমাজচ্যুত মৰিয়নিৰ ৪ পৰিয়াল - Sankardev Sangha Morioni expelled 4 families

শংকৰ সংঘৰ কৰ্ম-কাণ্ডক লৈ প্ৰতিক্ৰিয়া (Sankardev Sangha) । বিয়া খাবলৈ গৈ সমাজচ্যুত হ'ল যোৰহাট জিলাৰ মৰিয়নিৰ লাহিং অঞ্চলৰ চাৰিটা পৰিয়াল ।

Jorhat
Jorhat
author img

By

Published : Oct 24, 2022, 3:23 PM IST

Updated : Oct 24, 2022, 4:31 PM IST

মৰিয়নি, ২৪ অক্টোবৰ : বিয়া খাবলৈ গৈ সমাজচ্যুত হ'বলগা হ'ল চাৰিটা পৰিয়াল (Family expelled by Sankardev Sangha) । যোৰহাটৰ মৰিয়নি লাহিং অঞ্চলত সংঘটিত হৈছে এই ঘটনা (Sankardev Sangha unsocial work in Morioni) । শংকৰ সংঘৰ এই অবিবেচক কৰ্ম-কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মৰিয়নিৰ নকচাৰীত শংকৰ সংঘৰ ফটোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Sankardev Sangha Morioni expelled 4 families) । মৰিয়নিৰ নকচাৰীত আহোম সমাজ ব্যৱস্থা পৰম্পৰাগত চকলং ৰীতি-নীতিৰে সম্পন্ন হোৱা এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজচ্যুত হ'বলগীয়া হ'ল চাৰিটাকৈ পৰিয়াল । শংকৰদেৱ সংঘৰ যোৰহাটৰ মৰিয়নি লাহিং আঞ্চলিকে জাৰি কৰিলে এই ফটোৱা (Sankardev Sangha Morioni controversy) ।

Sankardev Sangha Controversy : বিয়া খাবলৈ গৈ সমাজচ্যুত মৰিয়নিৰ ৪ পৰিয়াল

মৰিয়নিৰ নকচাৰীত টাই আহোম সমাজ ব্যৱস্থা চকলং ৰীতি-নীতিৰে অনুষ্ঠিত বিবাহত অংশগ্ৰহণ কৰাৰ বাবেই এই ফটোৱা । মৰিয়নি লাহিং লাহদৈগড় মৰাণ গাঁৱৰ লক্ষী গগৈক শংকৰ সংঘই বিয়া খোৱাৰ বাবেই সমাজচ্যুত কৰি শুদ্ধিকৰণ কৰিলে । জানিব পৰা মতে, চকলং ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰা নকচাৰীৰ কইনাঘৰৰ লগতে বিবাহত অংশগ্ৰহণ কৰা চাৰিটা পৰিয়ালকো শংকৰ সংঘই এঘৰীয়া কৰিলে । ইফালে এই ঘটনাক একমুখে ধিক্কাৰ জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ লগতে বিভিন্ন সচেতন ৰাইজে ।

উল্লেখ্য, সময়ে সময়ে শংকৰদেৱ সংঘ এনে ধৰণৰ বিৰ্তকৰ মাজত সোমাই আহিছে । ইতিমধ্যে এনে বহু ঘটনা ঘটিছে যাৰ বাবে শংকৰ সংঘ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে । শংকৰদেৱৰ উদাৰ নীতিক ভৰিৰে মোহাৰি শংকৰ সংঘৰ কেতবোৰ পাবত গজা নেতাই শংকৰদেৱৰ সমগ্ৰ আদৰ্শ নীতিকে ভৰিৰে মোহাৰি আহিছে ।

'কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম' বুলি শংকৰদেৱে যি মহান আদৰ্শৰ বাণী দি থৈ গৈছে তাকো যেন কেৰেপ নকৰে এইসকল শংকৰ সংঘৰ বিষয়ববীয়াই । যাৰবাবে সময়ে সময়ে বিতৰ্কৰ কেন্দ্ৰবিন্দুত সোমাই পৰাৰ লগতে শংকৰ সংঘৰ নীতি-আদৰ্শক লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে । ইতিমধ্যে গাহৰি, কুকুৰা পোহাৰ বাবেই শংকৰ সংঘই কেইবাজনো লোকক সমাজ ব্যৱস্থাৰ পৰা এঘৰীয়া কৰাৰ উদাহৰণ আছে । কিন্তু লক্ষণীয় কথা এইটোৱে যে শংকৰদেৱ সংঘৰ পদাধিকাৰজনেই আহোম জনগোষ্ঠীৰ ।

লগতে পঢ়ক :Chhatarpur Khajuraho: পত্নী-সন্তানক ঘৰৰ পৰা উলিয়াই দি দ্বিতীয় বিবাহ পাষাণ স্বামীৰ

Last Updated : Oct 24, 2022, 4:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.