ETV Bharat / state

চাইকেল লৈ হিতেন্দ্ৰ নাথ গোস্বামীৰ ঘৰত বিধায়ক ৰূপজ্যোতি কুৰ্মী - অসমৰ বান গৰাখহনীয়াৰ সমস্যা

অসমৰ বিভিন্ন সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰি বিধানসভাৰ অধ্যক্ষক স্মাৰক প্ৰত্ৰ প্ৰদান বিধায়কৰ । মৰিয়নীৰ পৰা চাইকেল চলাই আহি বিধান সভাৰ অধ্যক্ষ গৰাকীৰ ঘৰত উপস্থিত হয় বিধায়ক ৰূপজ্যোতি ।

Rupjyoti Kurmi visit Hitendra Nath Goswami's residence by cycling

author img

By

Published : Jul 30, 2020, 1:50 PM IST

যোৰহাট, 30 জুলাই : এইবাৰ নতুন ট্ৰেণ্ড বাচি লৈছে বিধায়ক ৰূপজ্যোতিয়ে ৷ ভিন্ন সময়ত ভিন্ন কৰ্ম-কাণ্ডৰে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা বিধায়কগৰাকীৰ বৰ্তমান ট্ৰেণ্ড হৈছে চাইকেল ৷ কিছুদিন ধৰি চাইকেল লৈ ঘূৰা-ফুৰা আৰম্ভ কৰিছে তেওঁ ৷ এইবাৰ চাইকেলৰ পেডেল মাৰি মাৰি বিধায়ক ৰূপজ্যোতি পালেগৈ অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বাসগৃহ ৷ উদ্দেশ্য অসমৰ বিভিন্ন সমস্যাক কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি ধৰা ৷

Rupjyoti Kurmi visit Hitendra Nath Goswami's residence by cycling
হিতেন্দ্ৰ নাথ গোস্বামীৰ ঘৰত বিধায়ক ৰূপজ্যোতি

অসমৰ বান-গৰাখহনীয়াৰ সমস্যা, বানত মৃত্যুৰ সংখ্যা বৃদ্ধি, বানপীড়িতই ভুগি অহা দুৰৱস্থা আদি সমাধানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এবাৰ অসমলৈ আহি স্বচক্ষে পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

অসমৰ সমস্যা সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষক স্মাৰক পত্ৰ দাখিল

MOHEW আৰু AHFWD অধীনত কোভিডৰ নিৰ্দেশনা সমূহ চৰকাৰে উলংঘা কৰা বুলি দাবী তুলি ইয়াত হস্তক্ষেপ বিচাৰিছে বিধায়ক গৰাকীয়ে । এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষগৰাকীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

চাইকেল লৈ হিতেন্দ্ৰ নাথ গোস্বামীৰ গৃহ ৰূপজ্যোতি কুৰ্মী

শেহতীয়াকৈ environmental impact assessment 2000 ৰ খচৰাত উল্লেখ কৰা কয়লা খনন, আন্তগাঁঠনি উন্নয়ন, তাপ বিদ্যুৎ, নিউক্লিয়াৰ, জল বিদ্যুৎ প্ৰকল্প, ৰিয়েল ইষ্টেট সামৰি লৈছে ৷ কিন্তু এই খচৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হানিকাৰক হিচাপে বিবেচিত হৈছে ৷ এই সমগ্ৰ বিষয়টোত অধ্যক্ষগৰাকীৰ হস্তক্ষেপ বিচাৰি বৃহস্পতি বাৰে মৰিয়নিৰ পৰা যোৰহাটৰ জেলৰোড স্থিত বাসগৃহত উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী । সৰ্বমুঠ ১০ টা দাবী সম্বলিত স্মাৰক পত্ৰখন বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক প্ৰদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

লগতে পঢ়ক : মাজুলীৰ ৰাইজৰ বদান্যতাঃ বন্যহস্তীক ধৰিলে খাদ্যৰ যোগান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.