ETV Bharat / state

তিতাবৰত বিধানসভাৰ সজাঁতী দল - Barhola

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ বুজ লয় সজাঁতী দলে

তিতাবৰত বিধানসভাৰ সজাঁতী দল
author img

By

Published : Mar 1, 2019, 7:09 PM IST

যোৰহাট,১ মাৰ্চ:তিতাবৰৰ বৰহোলাত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ নেতৃত্বত শুকুৰবাৰে উপস্থিত হয় ২১ জনীয়া এটা সজাঁতী দল । বৰহোলাত উপস্থিত হৈ দলটোৱে বিষাক্ত চুলাই সেৱন কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাক্ষাত্‍ কৰে ।

তিতাবৰত বিধানসভাৰ সজাঁতী দল

গোলাঘাট আৰু যোৰহাট জিলাৰ বৰহোলাৰ বিষাক্ত সুৰাৰ কৱলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ অৱস্থা সম্পৰ্কে বুজ লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ ললে বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত অহা সৰ্বদলীয় প্ৰতিনিধি দলটোৱে । লগতে পিতৃ-মাতৃহীন শিশুৰ পুনৰ সংস্থাপনৰ বাবে আঁচনিৰ পৰিকল্পনা সম্পৰ্কেও চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব বুলি জানিবলৈ দিয়ে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে । আনহাতে অনাগত সময়ত যাতে এনেকুৱা কৰুণ ঘটনা সংঘটিত নহয় তথা অবৈধ সুৰা সম্পূৰ্ণভাৱে বন্ধ কৰাৰ লগতে লালীগুড় বন্ধ কৰাৰ সম্পৰ্কে আলোচনা কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব বুলিও জনায় সৰ্বদলীয় প্ৰতিনিধি দলটোৱে ।

কিন্তু সঁজাতী দলটোৰ উপস্থিতিত বৰহোলাবাসী সন্তুষ্ট নহয় বুলি মন্তব্য কৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। চৰকাৰে সোণৰ অলংকাৰ, বিনামূলীয়া চাউল প্ৰদানৰ পৰিবৰ্তে বাগানত চুলাই মদ বন্ধ হোৱাটোহে ৰাইজে বিচাৰে বুলি উল্লেখ কৰে বিধায়ক কুৰ্মীয়ে । সৰ্বদলীয় প্ৰতিনিধি দলটোৰ সন্মুখত আৰক্ষী আৰু আবকাৰী বিভাগৰ ছত্ৰছায়াত অবৈধ সুৰাৰ ব্যৱসায় চলি থকাৰ বাবে এনেধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত হ'বলৈ পালে বুলিও ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সৰ্বদলীয় প্ৰতিনিধিৰ দল।।চিকিৎসাধীন হৈ থকা ৰোগীৰ বুজ ললে স্বাস্থ্যৰ।।পিতৃ মাতৃ হীন শিশুৰ পুনৰ সংস্হাপনৰ বেৱস্হাৰ বাবে আচনিৰ পৰিকল্পনাঃ।।

গোলাঘাট আৰু যোৰহাট জিলাৰ বৰহোলাৰ বিষাক্ত সুৰাৰ কৱলত মৃত্যু হোৱা স্হান সমুহ পয্যবেশন কৰাৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোক সকলৰ স্বাস্থ্যৰ বুজ ললে বিধান সভাৰ অধ্যক্ষ নেতৃত্বত অহা সৰ্বদলীয় প্ৰতিনিধি দলে।যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰোগী সকলৰ স্বাস্থ্যৰ বুজলোৱাৰ পাছত সাংবাদিক ৰে হোৱা বাৰ্তালাপত বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে যে
যি সকল শিশুৰ পিতৃ মাতৃ হেৰুৱাই নিথৰুৱা হৈ পৰিল সেই সকল শিশুৰ বাবে পুনৰ সংস্হাপনৰ বেৱস্হা কৰাৰ পৰিকল্পনাঃ সম্পকে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব।আনহাতে অনাগত সময়ত যাতে এনেকুৱা কৰুণ ঘটনা সংঘটিত নহয়, তাৰোপৰি অবৈধ সুৰাৰ সম্পূৰ্ণ বন্ধ কৰা লগতে লালীগুৰ বন্ধ কৰাৰ সৰ্ম্পক সৰ্বদলীয় প্ৰতিনিধি দলটোৱে আলোচনা কৰি চৰকাৰৰ লৈ প্ৰতিবেদন দাখিল কৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.