ETV Bharat / state

Ranjan Charingia:ককায়েকক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান ভগ্নীৰ

author img

By

Published : Aug 9, 2023, 7:35 PM IST

2007 চনতেই ঘৰৰ পৰা গুচি গৈছিল তেওঁ ৷ 2010 চনত পিতৃ ঢুকোৱাৰ খবৰো হয়তো আজিলৈকে পোৱা নাই তেওঁ বা পাইছে যদিও কোনো ধৰণৰ খবৰ কৰা নাই ঘৰত ৷ ইমান বছৰে তেওঁ আহিব বুলি আশাতেই ৰৈ আছে পৰিয়াল তথা গাঁওবাসী ৷ কিন্তু শেহতীয়াকৈ সংবাদ মাধ্যমৰ কাষ চাপিল পৰিয়ালবৰ্গ ৷ উভতি আহিবলৈ কাতৰ আহ্বান জনালে সকলোৱে ৷

ranjan charingia
ৰঞ্জন চাৰিঙীয়াক বিচাৰি হাহাকাৰ
ৰঞ্জন চাৰিঙীয়াক বিচাৰি হাহাকাৰ

যোৰহাট, 9 আগষ্ট : এজন যুৱকক বিচাৰি হাহাকাৰ কৰি আছে এখন গাঁৱৰ ৰাইজে ৷ খুমটাইৰ চাৰিঙীয়া গাঁৱৰ যুৱক ৰঞ্জন চাৰিঙীয়ায়ে বিশেষ কাৰণত ঘৰ এৰি গুচি গৈছিল ২০০৭ চনত অৰ্থাৎ আজিৰ পৰা ১৬ বছৰৰ আগতেই । বিশেষ কাৰণত ঘৰ এৰি যোৱা যুৱকজনে ২০১০ চনত পিতৃৰ বিয়োগৰ খবৰো নাপালে ।

পৰিয়ালটোত চাৰি গৰাকী বাই ভনীৰ ইতিমধ্যে দুগৰাকীৰ বিয়া হৈ গৈছে ৷ শেহতীয়াকৈ ঘৰত থকা দুগৰাকীৰ ভিতৰত এগৰাকীৰ মৃত্যু হোৱাত বৰ্তমান পৰিয়ালটোত এগৰাকী একেবাৰে অকলশৰীয়া হৈ পৰিছে ৷ এগৰাকী ৰঞ্জনৰ বায়েক আৰু এগৰাকী ভনীয়েক আছিল ৷ পৰিয়ালটোৰ জেষ্ঠ কন্যা তথা ৰঞ্জনৰ জেষ্ঠ ভগ্নী এক জটিল ৰোগত আক্ৰান্ত হৈ এসপ্তাহ পূৰ্বে মৃত্যু মুখত পৰে ৷ বায়েকৰ মৃত্যুৰ পাচতেই নিঠৰুৱা হৈ পৰিল পৰিয়ালটো এগৰাকী যুৱতী আৰু যুৱতী গৰাকীক লৈ বৰ্তমান বিপদত পৰিছে গাঁওখনৰ ৰাইজ । গাঁৱৰ ৰাইজৰ প্ৰশ্ন কেনেকৈ অকলশৰে উৰুখা পঁজাত জীৱন নিৰ্বাহ কৰিব যুৱতীগৰাকীয়ে ? কোনে দ্বায়িত্ব ল’ব যুৱতীগৰাকীৰ ? ইয়াকে লৈ এতিয়া চিন্তাত পৰিছে সকলো ৷

পৰিয়ালৰ পৰা বিছিন্ন হোৱা বহু ব্যক্তিক পৰিয়ালৰে সৈতে পুনৰ একেলগ কৰাত সংবাদ মাধ্যমে বিশেষ ভূমিকা পালন কৰি আহিছে ৷ সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে যুৱকজনক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে ৰাইজ তথা আত্মীয়ই । কিছু দিনৰ আগতে তিনিচুকীয়া জিলাৰ পেঙেৰিৰ ৰঙামাটি নামৰ এখন গাঁৱত ৰঞ্জন চাৰিঙীয়া থকা বুলি সম্ভেদ পাইছিল ৰাইজে । এতিয়া ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহি পৰিয়ালটোৰ দায়িত্ব গ্ৰহণৰ বাবে আহ্বান জনাইছে সকলোৱে ।

লগতে পঢ়ক : Assamese Youth Abducted: মেৰাপানী সীমান্তৰ পৰা অসমীয়া যুৱকক অপহৰণ নগা দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.