ETV Bharat / state

ৰিপুণ বৰা কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ যোৱাটো প্রত্যাশিত আছিল : ৰাণা গোস্বামী

author img

By

Published : Apr 18, 2022, 11:08 PM IST

সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ক’লে, ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতো ৰিপুণ বৰাই ভূপেন বৰাক নজনোৱাকৈ এজন ব্যক্তিৰ নামত চাৰে চাৰিলাখ টকাৰ চেক দিছিল । এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই ৰিপুণ বৰাই কংগ্ৰেছ দল এৰি তৃণমূল কংগ্ৰেছলৈ ঢাপলি মেলিছে ।

rana-goswami-reaction-about-ripun-bora
ৰিপুণ বৰাই কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ যোৱাটো প্রত্যাশিত আছিল : ৰাণা গোস্বামী

যোৰহাট, 18 এপ্ৰিল : ৰিপুণ বৰা কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ যোৱাটো প্রত্যাশিত আছিল । সোমবাৰে সংবাদমাধ্যমৰ জৰিয়েত ৰিপুন বৰাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Pradesh Congress working president Rana Goswami) প্ৰকাশ কৰিলে বিস্ফোৰক তথ্য (Rana Goswamis on Ripun Bora's TMC journey)।

তেওঁ কয়, " প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই, ৰিপুণ বৰাই পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীৰ লগত ধনৰ লেনদেন কৰাৰ যি অভিযোগ কৰিছিল, সেই অভিযোগৰ ৰিপুণ বৰাই স্পষ্টিকৰণ নিদি ,নিলমণি সেন ডেকাৰ অভিযোগ সত্য বুলি প্ৰমাণিত কৰিলে । ৰিপুণ বৰা সভাপতি হৈ থকাৰ সময়ত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে পুজি সংগ্ৰহৰ বাবে দিয়া ছয় কোটি টকাৰ কুপণৰ হিচাপ আজিও নিদিলে ।"

তেওঁ পুনৰ কয়, " ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতো ৰিপুণ বৰাই ভূপেন বৰাক নজনোৱাকৈ এজন ব্যক্তিৰ নামত চাৰে চাৰিলাখ টকাৰ চেক দিছিল । এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই ৰিপুণ বৰাই কংগ্ৰেছ দল এৰি তৃণমূল কংগ্ৰেছলৈ ঢাপলি মেলিছে ।
ৰিপুণ বৰাৰ বাবেই কংগ্ৰেছ দল এতিয়া দিছপুৰৰ বাহিৰত ।"

ইফালে, বিগত বিধান সভাৰ নিৰ্বাচনৰ এবছৰ পূৰ্বে ৰিপুণ বৰাক সভাপতি পদৰ পৰা আঁতৰাবলৈ দেবব্ৰত শইকীয়া, ৰাণা গোস্বামীকে ধৰি কেইবাজনো নেতাই দলৰ হাই কামাণ্ডক লিখিত অভিযোগ দিছিল বুলিও জানিব পৰা গৈছে । উল্লেখ্য যে, দেওবাৰে কলকাতাত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতা ৰিপুন বৰাই (Ripun Bora on resigning from congress) ৷

লগতে পঢ়ক : কংগ্ৰেছ ত্যাগী ৰিপুন বৰাই ক’লে দল ত্যাগৰ আঁৰৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.