ETV Bharat / state

আকৌ ৰেগিং : আৰক্ষীৰ কাষ চাপিল ছাত্ৰ - আৰক্ষী

পুনৰবাৰ ৰেগিঙৰ বলি হ’ল যোৰহাটৰ চটাইস্থিত বিজ্ঞান-প্ৰযুক্তি প্ৰতিষ্ঠানৰ এজন কনিষ্ঠ ছাত্ৰ ৷ দীৰ্ঘদিন ধৰি জ্যেষ্ঠ ছাত্ৰই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ ছাত্ৰজনৰ ৷

আকৌ ৰেগিং : আৰক্ষীৰ কাষ চাপিল ছাত্ৰ
author img

By

Published : Mar 30, 2019, 10:23 PM IST

টীয়ক,30 মাৰ্চঃ যোৰহাটৰ টীয়কৰ চটাইস্থিত বিজ্ঞান প্ৰযুক্তি প্ৰতিষ্ঠানত অধ্যয়নৰত এগৰাকী ছাত্ৰক শিক্ষানুষ্ঠানৰ তিনিগৰাকী জ্যেষ্ঠ ছাত্ৰই ৰেগিঙৰ নামত শাৰীৰিক আৰু মানসিক আতিশয্য চলোৱাৰ এক ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য ৷ ইতিমধ্যে ছাত্ৰজনে টীয়কৰ লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে জ্যেষ্ঠ ছাত্ৰ কেইজনৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, শিক্ষানুষ্ঠানখনৰ দ্বিতীয় ষন্মাষিকৰ পাৰ্থ প্ৰতিম হাজৰিকা নামৰ ছাত্ৰজনক ষষ্ঠ ষন্মাষিকৰ তিনি ছাত্ৰ ক্ৰমে বিৰাজ বৰা,বিবেক চাহু আৰু প্ৰশান্ত ৰাজপুতে শুকুৰবাৰে নিশা 1 নং ছাত্ৰাৱাসত ৰেগিঙৰ নামত শাৰীৰিক আৰু মানসিক আতিশয্য চলোৱাৰ লগতে এই কথা পৰিয়ালৰ লোকক ক’লে মৃত্যুৰ ভাবুকি প্ৰদান কৰে ৷ জ্যেষ্ঠ ছাত্ৰৰ এই ভাবুকিত ভীতিগ্ৰস্ত হৈ পাৰ্থপ্ৰতিম হাজৰিকা পুৱা গোলাঘাটস্থিত নুমলীগড়ৰ ঘৰলৈ গৈ সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে ৷ ইতিমধ্যে শনিবাৰে সন্ধিয়া ছাত্ৰজনক লগত লৈ পৰিয়ালৰ লোকে লাহদৈগড় আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত ছাত্ৰ কেইজনক ৷

Intro:Body:টীয়কৰ চটাইস্হিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৰেগিংৰ বলি ছাত্ৰ/আৰক্ষী চকীত এজাহাৰ দাখিল
Teok: যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যয়নৰত এগৰাকী কনিষ্ঠ ছাত্ৰক শিক্ষানুষ্ঠানখনৰ তিনিগৰাকী ছাত্ৰই ৰেগিংৰ নামত শাৰিৰীক আৰু মানসিক আতিশয্য চলোৱাৰ এক ঘটনা পোহৰলৈ অহাত ব্যাপক চাঞ্চ্যলৰ সৃষ্টি হৈছে ।ইতিমধ্যে ছাত্ৰজনে লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।জানিব পৰা মতে শিক্ষানুষ্ঠানখনৰ দ্বিতীয় ষন্মাষিকৰ পাৰ্থ প্ৰতিম হাজৰিকা নামৰ ছাত্ৰজনক ষষ্ঠ ষন্মাষিকৰ ছাত্ৰ তিনিজন ক্ৰমে বিৰাজ বৰা,বিবেক চাহু আৰু প্ৰশান্ত ৰাজপুতে কালি নিশা ১ নং ছাতাবাসত ৰেগিংৰ নামত শাৰিৰীক আৰু মানসিক আতিশয্য চলোৱাৰ লগতে এই কথা পৰিয়ালৰ লোকক কলে মৃত্যুৰ ভাবুকি প্ৰদান কৰে । জেষ্ঠ ছাত্ৰৰ এই ভাবুকিত ভীতিগ্ৰস্ত হৈ পাৰ্থ আজি পুৱা নুমলিগড়ৰ ঘৰলৈ গুছি গৈ সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অবগত কৰাত আজি সন্ধিয়া পৰিয়ালৰ লোকে ছাত্ৰজনক লগত লৈ লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । এই বাতৰি লিখা পৰলৈকে অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.