ETV Bharat / state

COVID19 ৰ বাবে ভংগ ঐতিহাসিক টীয়কৰ বামুনপুখুৰী ৰাসৰ নাটৰ পৰম্পৰা

কৰ'ণা মহামাৰীৰ বাবে ভংগ হ'ল ঐতিহাসিক টীয়কৰ বামুনপুখুৰী ৰাসৰ নাটৰ পৰম্পৰা ৷ চৰকাৰৰ ক'ভিড প্ৰ'টকল ৰক্ষাৰ কঠোৰ নীতি-নিৰ্দেশনাৰ বাবেই মেলা নহ'ল ১৯২১ চনৰ পৰাই লক্ষ্মী পূজাৰ দিনা মুকলি কৰা বামুনপুখুৰী ৰাসৰ নাট ৷ এই কথা প্ৰকাশ কৰিছে বামুনপুখুৰী ৰাসৰ নাট কমিটিয়ে ৷

author img

By

Published : Oct 31, 2020, 1:16 PM IST

RAAS Festival Cancel at teok for Covid19
COVID19 ৰ বাবে ভংগ ঐতিহাসিক টীয়কৰ বামুনপুখুৰী ৰাসৰ নাটৰ পৰম্পৰা

যোৰহাট,31অক্টোবৰঃ কৰ'ণা মহামাৰীৰ বাবে ভংগ হ'ল ঐতিহাসিক টীয়কৰ বামুনপুখুৰী ৰাসৰ নাটৰ পৰম্পৰা ৷ চৰকাৰৰ ক'ভিড প্ৰ'টকল ৰক্ষাৰ কঠোৰ নীতি-নিৰ্দেশনাৰ বাবেই মেলা নহ'ল ১৯২১ চনৰ পৰাই লক্ষ্মী পূজাৰ দিনা মুকলি কৰা বামুনপুখুৰী ৰাসৰ নাট ৷ এই কথা প্ৰকাশ কৰিছে বামুনপুখুৰী ৰাসৰ নাট কমিটিয়ে ৷

উল্লেখ্য যে,এই শতবৰ্ষ উদযাপনৰ বাবে বছৰজোৰা কাৰ্যসূচী পালনৰ উদ্দেশ্যে গঠন কৰা হৈছিল উদযাপন কমিটিয়ো ৷ কিন্তু শতবৰ্ষ উদযাপনৰ জাক জমকতাৰ সলনি কেৱল মাংগলিক কাম-কাজতে সীমাবদ্ধ থাকিব ৰাসৰ আনুষ্ঠানিকতা ৷

উল্লেখযোগ্য যে, বামুন পুখুৰীৰ এই ৰাসক কেন্দ্ৰ কৰি প্ৰতি বছৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । বৃহত্তৰ অঞ্চলটোৰ কৰ্মসূত্ৰে বিভিন্ন স্থানত থকা সকলো লোক সমবেত হয়হি ৰাসৰ এই সময়চোৱাত ৷ কিন্তু এইবাৰ ৰাস উদযাপন কৰিব নোৱাৰাত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে এতিয়া সমগ্ৰ অঞ্চলটোত ৷ ইপিনে,ৰাইজক আবেগিক নহৈ কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি সজাগ, সতৰ্ক তথা চৰকাৰী নীতি নিৰ্দেশনা অৱলম্বন কৰি অনাগত দিনবোৰ অতিবাহিত কৰিবলৈ আহ্বান জনাইছে বামুণপুখুৰী অঞ্চলৰে যুৱক তথা বিশিষ্ট কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁয়ে ৷

লগতে পঢ়কঃতুৰ্কীৰ ভূমিকম্পই প্ৰাণ ল’লে 22 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.