ETV Bharat / state

Teok municipality tax collection : নগৰৰ মৰ্যাদাই টীয়কক অভিশাপলৈ পৰিণত কৰাৰ অভিযোগ

author img

By

Published : Mar 14, 2023, 4:43 PM IST

টীয়ক নগৰ হৈ এতিয়া অভিশাপহে হ’ল ৷ কিয়নো বৰ্দ্ধিত পৌৰ কৰে বিপাঙত পেলাইছে টীয়ক নগৰবাসীক (Teok municipality tax collection) ৷ এতিয়া সকলোৰে ভাষ্য এটাই, প্ৰথমতে উন্নয়ন কৰক, তাৰ পাচত কৰ লওক ৷

Teok municipality tax collection
টীয়কক নগৰ হিচাবে ঘোষণা
টীয়কক নগৰ হিচাবে ঘোষণা

টীয়ক, ১৪ মাৰ্চ : ২০০৫ চনত চাৰিটা ৱাৰ্ড নিৰ্ধাৰণ কৰি টীয়কক নগৰ হিচাবে ঘোষণা কৰা হ’ল (Teok municipality tax collection)। তাৰ পাচত ২০১৮ চনত ৰাইজৰ অজ্ঞাতে নগৰ সমিতিখন একেটা এলেকাকে ভাগ ভাগ কৰি ১০ টা ৱাৰ্ডেৰে গঠন কৰিলে টীয়ক পৌৰসভাই । এই অভিযোগ টীয়কবাসীৰ ৷

তথ্য অনুসৰি, এতিয়া টীয়কৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ বাসিন্দা হৈছেগৈ পৌৰ এলেকাবাসী অৰ্থাৎ নগৰবাসী । কাগজে পত্ৰই আজি টীয়কখন নগৰ হোৱা ১৭ বছৰ হ’ল যদিও কাৰ্যতঃ নগৰ বুলিবলৈ চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণত ভূমি অধিগ্ৰহণৰ বাবে চৰকাৰে দিয়া টকাৰে নগৰৰ বাসিন্দাই সজা অট্টালিকাৰ বাদে একোৱেই নাই ।

ৰাইজে আজিও পোৱা নাই নগৰৰ ন্যূনতম সা-সুবিধাসমূহ । কেৱল মাত্ৰ ১০ টা ৱাৰ্ডৰ ১০ গৰাকী স্থানীয় লোকৰ পৰিচয় ৱাৰ্ড আয়ুক্ত তথা পৌৰপতি অথবা উপ পৌৰপতি হ'ল ৷ তাৰ বাদে সাধাৰণ জনতাৰ সামান্যতমো উন্নতি নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে (Public reaction about tax collection on Teok municipality) ।

ইপিনে ২০১৪ চনৰ পৰাই চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ কাম নিৰবিচ্ছিন্নভাৱে চলি থকা আৰু লক ডাউনৰ ফলত টীয়কৰ ব্যৱসায় বাণিজ্য আজিও মন্দা অৱস্থাত আছে । তেনে সময়তে নগৰখনৰ উন্নয়নৰ নামত এতিয়া টীয়ক পৌৰসভাই এইবাৰ পৌৰকৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাক লৈ এতিয়া সমগ্ৰ নগৰখনকে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

নগৰবাসীৰ স্পষ্ট কথা, প্ৰথমে সুবিধা দিয়ক, তাৰ পাচত কৰ লওক ৷ ইপিনে ঘৰ নিৰ্মাণ, ব্যৱসায়িক অনুজ্ঞাপত্ৰ, জাৱৰ নিষ্কাষণ আদিৰ নামত নিতৌ নগৰবাসীয়ে অবাৱত কৰ প্ৰদান কৰি অহাৰ পাচত আকৌ পৌৰ কৰ বলপূৰ্বকভাৱে জাপি দিয়াটো কোনো কাৰণতে মানি নলয় সাধাৰণ জনতাই । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে টীকয়ৰ একাংশ সাধাৰণ ব্যৱসায়ীয়ে ৷

লগতে পঢ়ক : HSLC question paper leak : প্ৰশ্নকাকত ফাদিল প্ৰসংগত পুনৰ কি ক'লে শিক্ষামন্ত্রী ডাঃ পেগুৱে ?

উল্লেখযোগ্য যে, টীয়ক পৌৰসভাই যোৱা ১৭ বছৰে কেৱল কেইটামান উপ পথ পকীকৰণ কৰাৰ বাদে লেখত ল’বলগীয়া একো কামকে কৰা পৰিলক্ষিত হোৱা নাই নগৰখনত । কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থতে টীয়কখনক নামত নগৰ পাতি আজি টীয়কবাসীক অভিশাপ দিলে বুলিহে টীয়কৰ একাংশ সচেতন ব্যক্তিয়ে মত প্ৰকাশ কৰিছে ।

ইপিনে দুই এক সচেতন ব্যক্তিয়ে ইতিমধ্য টীয়কখন কিদৰে নগৰ সমিতিৰ পৰা পৌৰসভা কৰিলে, কাক অনুমতি সাপেক্ষে কৰিলে ইয়াৰ উত্তৰ বিচাৰি উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত আবেদনো দাখিল কৰিছে । লগতে পৌৰসভাই বিগত বছৰসমূহত সংগ্ৰহ কৰা কৰসমূহে নগৰখনৰ উন্নয়নত কি কি কামত খৰচ কৰিলে, তাৰ তথ্য ৰাজহুৱা কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে ।

ইপিনে এই মূল্যবৃদ্ধিৰ সময়ত কোনোমতে পেটে-ভাতে খাই থকা নগৰাঞ্চলত ঘৰ হ’ল বুলিয়েই নগৰৰ একো সা-সুবিধা নোপোৱাকৈ এইদৰে কৰ দিবলৈ বাধ্য কৰা কাৰ্যত একেমুখে ধিক্কাৰ জনাইছে এগৰাকী ছাত্ৰ নেতাই ৷ প্ৰথমে নগৰবাসীক ন্যূনতম পানী, বিজুলী, বাট-পথৰ সা-সুবিধা দি তাৰ পাচত কৰ ল’বলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে ৷ অন্যথা ৰাইজৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ।

আনহাতে, টীয়ক পৌৰসভাৰ পৌৰপতিগৰাকীয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ অনান্য নগৰসমূহ টীয়ক নগৰত কৰৰ নিৰিখ বহু কমকৈ নিৰ্ধাৰণ কৰা হৈছে বুলিহে উল্লেখ কৰে ৷ লগতে নিজ মুখৰে নগৰখনত যে, এই পৰ্যন্ত কোনো সা-সুবিধা প্ৰদান কৰিব পৰা নাই, তাক স্বীকাৰো কৰিছে । ইপিনে নগৰবাসীৰ পৰা বিভিন্ন শিতানত কৰ সংগ্ৰহ কৰিহে নগৰখনৰ উন্নয়ন কাম কৰিব পৰা যাব বুলিহে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে পৌৰপতিগৰাকীয়ে ।

এতিয়া ৰাইজৰ দাবী উন্নয়ন কৰক কৰ দিম ৷ ইপিনে পৌৰসভাই কৰলৈহে উন্নয়ন কৰাৰ পৰিকল্পনা কৰিছে । সেয়ে এতিয়া সকলোৱে এই পৌৰসভাখন ভংগ কৰি পুনৰ আগৰ দৰেই নগৰ সমিতি পাতি নগৰখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক : SEBA Paper Leak Case : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.