ETV Bharat / state

যোৰহাটত সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - microfinance company

মাইক্ৰ'ফাইনেন্স কোম্পানী বন্ধ কৰাৰ লগতে কেইবাগৰাকীও কাৰাবন্দী হৈ থকা নেতাক বিনাচৰ্তে মুক্তি প্ৰদান কৰাৰ দাবীৰে বুধবাৰে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷

প্ৰতিবাদী কাৰ্যসূচী
প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Aug 13, 2020, 3:21 PM IST

যোৰহাট, 13 আগষ্ট: সমগ্ৰ ভাৰতবৰ্ষৰ লগতে, যোৰহাট জিলাত মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহ বন্ধ কৰাৰ লগতে, কৃষক নেতা অখিল গগৈ, ছাত্ৰ নেত্ৰী দেৱাংগনা কলিতা আৰু চি পি আই এম এলৰ নেতা বলীন্দ্ৰ শইকীয়াক বিনা চৰ্তে মুক্তিৰ দাবীৰে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে, সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷ যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দলটোৱে ৰূপায়ন কৰিলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী ৷

যোৰহাটত সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে আটাইকেইগৰাকী নেতাক কাৰাগাৰত বন্দী কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰি, অনতিপলমে তেওঁলোকক মুক্তি দিবলৈ দাবী জনায় ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে ৷ অন্যথা বিজেপি দলক 2021 ৰ নিৰ্বাচনৰ ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ তেওঁলোকৰ দাবী নামানিলে সমাগত নিৰ্বাচনত বিজেপিৰ সপক্ষে ভোট বৰ্জন কৰি দলটোক প্ৰত্যহ্বান জনাবলৈ তেওঁলোক সাজু বুলি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উল্লেখ কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যদি সঁচাকৈয়ে অসমীয়াৰ স্বাৰ্থত কাম কৰে তেন্তে মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহ বন্ধ কৰিবলৈয়ো দাবী জনায় সংগঠনটোৱে ৷

লগতে পঢ়ক: 'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.