টীয়ক,২৩জুলাই: টীয়কৰ কাকজান আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কাকজান আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অখিল গগৈৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে এক মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
লগতে বি জে পি নেতৃতাধীন চৰকাৰৰ দমন নীতিক চোকা ভাষাৰে সমালোচনা কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ ।
চৰকাৰখনৰ এই ফেচীবাদৰ প্ৰতিফল বিজেপি দলক অহা ২১ ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে দিব বুলি হুংকাৰ প্ৰদান কৰিলে প্ৰদিবাদী সকলে ।