যোৰহাট, 4 মাৰ্চ : ৰাজ্যত বৰ্তমানৰ সময়লৈকে মাইক্ৰ ফাইনেন্সৰ কৱলত পৰি ২২ জন লোকে প্ৰাণ দিবলগীয়া পৰিস্থিতি হৈছে । নিম্নতম ঋনৰ নামত একাংশ ফাইনেন্স কোম্পানীয়ে এতিয়া ডকাইতিৰ দৰে কাৰ্য সংঘটিত কৰিছে । আনকি ৰিজাৰ্ভ বেংকৰ নীতি নিয়মো নামানে এইসমূহ কোম্পানীয়ে । এই অভিযোগ হিন্দু যুৱ ছাত্র পৰিষদৰ ।
বুধবাৰে মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে যোৰহাটত জাগ্ৰত নাৰী সুৰক্ষা সমাজ আৰু হিন্দু যুৱ ছাত্র পৰিষদৰ শতাধিক সদস্যই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে ১৩ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ দাখিল কৰে ।