ETV Bharat / state

যোৰহাটত সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Feb 17, 2021, 5:41 PM IST

মংগলবাৰে নিশা যোৰহাটস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ । এই ঘটনাক গৰিহণা দি প্ৰতিবাদত নামি পৰিল যোৰহাট ই মিডিয়া, সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি, যোৰহাট জিলা সাংবাদিক সন্থা ।

যোৰহাটত সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ
যোৰহাটত সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ

যোৰহাট, ১৭ ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহ । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণ দুৰ্বৃত্তৰ । মংগলবাৰে নিশা যোৰহাটস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ । এই ঘটনাৰ বিৰুদ্ধে বুধবাৰে যোৰহাটত সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ । যোৰহাট জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট ই মিডিয়া, সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি, যোৰহাট জিলা সাংবাদিক সন্থাই ।

এই ঘটনাক গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে । ইফালে এই ঘটনাৰ লগত জড়িত তিনি দুষ্কৃতিকাৰীক মংগলবাৰে যোৰহাট আৰক্ষীয়ে আটক কৰিছে । আটক কৰা দুষ্কৃতিকাৰী কেইজন যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে, সেয়া সু নিশ্চিত কৰিবৰ বাবে দাবী জনায় প্ৰতিবাদকাৰীসকলে । ইফালে, এই ঘটনাৰে জৰিত যি কেইটা দুস্কৃতিকাৰী পলাতক. সেইসকলক যাতে আৰক্ষীয়ে অনতি পলমে গ্ৰেপ্তাৰ কৰে তাৰ বাবেও দাবী জনায় ।

লগতে পঢ়ক:কোকৰাঝাৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.