মাজুলী,13 ডিচেম্বৰঃ অৱশেষত মাজুলীৰ আউনীআটী সত্ৰৰ পৰাও আৰম্ভ হ’ল কেব বিৰোধী প্ৰতিবাদ । মহানগৰীত বৃহস্পতিবাৰে আৰক্ষীৰ গুলিত নিহত ৪ শ্বহীদৰ স্মৃতিত চাৰি গছি বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। তদুপৰি সত্ৰাধিকাৰগৰাকীয়ে " ন' কেব " লিখি সত্ৰৰ মূখ্য তোৰণত ক’লা পতাকা উত্তোলন কৰে ৷ চৰকাৰে কেব বাতিল নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি সত্ৰাধিকাৰগৰাকীয়ে উল্লেখ কৰে । তদুপৰি সমগ্ৰ অসমবাসীক কেবৰ বিৰুদ্ধে ঘৰে ঘৰে ক’লা পতাকা উত্তোলনৰ আহ্বান জনায় সত্ৰাধিকাৰ গোস্বামীয়ে । সম্প্ৰতি মাজুলীৰ গাঁৱে গাঁৱে অব্যাহত আছে এই প্ৰতিবাদ ৷
শুকুৰবাৰে মাজুলীৰ কেব বিৰোধী এক গণ প্ৰতিবাদত যোগদান কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ৷ সহস্ৰাধিক লোকৰ অংশগ্ৰহণৰে কমলাবাৰী চাৰিআলিত কেব বাতিলৰ দাবীত হোৱা গণসভাত অংশ লৈ উদাত্ত ভাষণ প্ৰদান কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷ প্ৰতিবাদস্থলীৰ পৰা গোস্বামীয়ে চৰকাৰক শীঘ্ৰে কেব বাতিল কৰিবলৈ সকীয়নী প্ৰদান কৰে ৷
লগতে চাওকঃকেবকলৈ অসমীয়াৰ ক্ষোভঃ কোনো কি কলে?