টীয়ক, 9 আগষ্ট : 1942 চনৰ ভাৰত ত্যাগ আন্দোলন (Quit India Movement)ত অংশগ্ৰহণ কৰা স্বাধীনতা সেনানী যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা চেতিয়া গাঁৱৰ চন্দ্ৰধৰ চেতিয়া (Chandradhar Chetia)ক সম্বৰ্ধনা জনায় জিলা উপায়ুক্তই ৷ সোমবাৰে স্বাধীনতা সংগ্ৰামীগৰাকীক ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান জনোৱা হয় ৷ সমাগত স্বাধীনতা দিৱস (Independe Day)ৰ ভাৰত ত্যাগ আন্দোলনৰ সেনানীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (Ram Nath Kovind) গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই কাৰ্যসূচী হাতত লয় যোৰহাট জিলা উপায়ুক্ত (Jorhat District Administration)য়ে ৷
লগতে পঢ়ক : আদৰ্শ গাঁৱত ধোৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ আদৰ্শ গ্ৰাম যোজনা আঁচনি
ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা দেশৰ প্ৰতিখন ৰাজ্যৰ মুঠ 85 গৰাকী মুক্তি সেনানীৰ ভিতৰত চেতিয়া অসমৰ একমাত্ৰ সেনানী ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ, পদক, বস্ত্ৰ আদি মুক্তি সেনানীগৰাকীৰ গৃহত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন (Ashok Kumar Barman), অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, চক্ৰ বিষয়া সৌভিক ভূঞা আৰু নীলাক্ষী বৰাই ।
তদুপৰি জিলা প্ৰশাসনৰ তৰফৰ পৰাও মুক্তি সেনানীগৰাকীক এখৰাহী ফলমূল, গছপুলি, সঁফুৰা প্ৰদান কৰি তেওঁৰ দীৰ্ঘায়ু কামনা কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে মুক্তি সেনানীসকলৰ প্ৰতি গ্ৰহণ কৰা এই পদক্ষেপক শলাগ লয় স্বাধীনতা সেনানী চন্দ্ৰধৰ চেতিয়াই ।
লগতে পঢ়ক : স্বাস্থ্য বিভাগৰ 23 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি কৰ্তন