ETV Bharat / state

ৰাখী পূৰ্ণিমাৰ ব্যাপক প্ৰস্তুতি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ - কৰ’ণা ভাইৰাছ

পবিত্ৰ শাওণৰ পূৰ্ণিমাৰ দিনটো ৰাখী পূৰ্ণিমা হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰতিবছৰে উলহ-মালহেৰে উদযাপন কৰি আহিছে ৷ টীয়ক বিধানসভা সমষ্টিৰ কলীয়াপানী খণ্ডৰ অন্তৰ্গত সংঘৰ সকলো কাৰ্যকৰ্তাই সূতা, ঊল আদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে ৰাখী ৷

Preparation of Rakhi celebration in teok jorhat assam etv bharat news
ৰাখী পূৰ্ণিমাৰ প্ৰস্তুতি
author img

By

Published : Jul 30, 2020, 12:37 PM IST

টীয়ক,30 জুলাই: সমাগত ৰাখী পূৰ্ণিমা ৷ শান্তি, সাহস আৰু ভাতৃত্ববোধৰ প্ৰতীক ৰাখী ৷ ৰাখী পূৰ্ণিমাৰ দিনটোক ৰাখীবন্ধন হিচাপে দেশত উদযাপন কৰাৰ পৰম্পৰা অতীতৰ পৰাই চলি আহিছে ৷ এই ৰাখী পূৰ্ণিমাতে ভাতৃত্ববোধৰ এনাজৰীৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অভয় প্ৰদানৰ আশ্বাসেৰে হাতত বান্ধে ৰাখী ৷ লোকবিশ্বাস অনুসৰি ভগৱানৰ বামুণ অৱতাৰৰ সময়ত বলিৰ হাতত বান্ধিছিল ৰক্ষা সূত্ৰ ৷ তেনেদৰে ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ বিভাজনৰ সময়ত গংগাত স্নান কৰি ৰক্ষাসূত্ৰ বন্ধাৰ বান্ধিছিল বুলি ইতিহাসে কৈ যায় ৷

ৰাখী পূৰ্ণিমাৰ প্ৰস্তুতি

উল্লেখ্য যে, বিভিন্ন সময়ত যুদ্ধত অৱতীৰ্ণ বীৰ জোৱানসকলৰ হাতত এনেদৰে ৰাখী বন্ধাৰ বিভিন্ন উদাহৰণ পোৱা যায় ৷ পবিত্ৰ শাওণৰ পূৰ্ণিমাৰ এই বিশেষ দিনটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰতিবছৰে উলহ-মালহেৰে উদযাপন কৰি আহিছে ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল যোৰহাটৰ টীয়কত ৷ ৰাখী পূৰ্ণিমা উপলক্ষে যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে সংঘৰ স্বেচ্ছাসেৱক সকলৰ মাজত ৷ অৱশ্যে কৰ’ণা মহামাৰীৰ বাবে সংক্ষেপে পালন কৰা হ’ব এই অনুষ্ঠান ৷ টীয়ক বিধানসভা সমষ্টিৰ কলীয়াপানী খণ্ডৰ অন্তৰ্গত সংঘৰ সকলো কাৰ্যকৰ্তাই চৰকাৰে কৰ’ণা ভাইৰাছৰ বাবে জাৰি কৰা সকলো নীতি-নিয়ম অৱলম্বন কৰি সূতা, ঊল আদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে ৰাখী ৷ লগতে বহিঃৰাজ্যৰ পৰা অহা ৰাখী বৰ্জন কৰি স্বদেশী উৎপাদিত ৰাখী ব্যৱহাৰ কৰি আনক আদৰ্শ দেখুওৱাৰ লগতে ৰাষ্ট্ৰপ্ৰেমৰ বৰ্হিপ্ৰকাশ ঘটাবলৈ আহ্বান জনাইছে প্ৰত্যেককে ৷

লগতে চাওকঃ 30 আৰু 31 জুলাইত অব্যাহত থাকিব আন্তঃজিলা বাছ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.