টীয়ক, 14 এপ্ৰিলঃ বৃহস্পতিবাৰে মাজ ৰাতি হঠাৎ অহা বিধ্বংসী ধুমুহা এজাকত বিধ্বস্ত হৈ পৰিছিল যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত লাহিং তৰাজান গাঁৱৰ ববীতা বড়া নামৰ এগৰাকী অসহায় মহিলাৰ ঘৰ । ঘৰটো পুণৰ নিৰ্মাণ কৰি ল'বলৈ সম্বল নাছিল মহিলাগৰাকীৰ হাতত । তেনেতে টীয়কৰ "প্ৰয়াস" নামৰ এটা সামাজিক গোটৰ সদস্য সকল ওলাই আহি নিৰ্মাণ কৰি দিয়ে মহিলাগৰাকীৰ ঘৰটো ৷
উল্লেখ্য যে, কেইমাহমান পূৰ্ৱে স্বামীৰ মৃত্যু হোৱা লাহিঙৰ এই অসহায় মহিলাগৰাকীৰ তিনিটা সন্তানৰ সৈতে সেইদিনা মাজ নিশা হঠাৎ অহা ধুমুহাজাকত কথমপি প্ৰাণ ৰক্ষা পৰে ৷ কোনোমতে ভগা পজাটোৰ পৰা ওলাই সেই ৰাতি চুবুৰীয়াৰ ঘৰত কটাই যদিও দেশত লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত ঘৰটো সম্পূৰ্ণকৈ ভাগি যোৱাৰ পিছত বিপাঙত পৰে মহিলাগৰাকী ৷ কিন্তু সৌভাগ্যক্ৰমে টীয়কৰ "প্ৰয়াস" নামৰ এটা সামাজিক গোটে এই কথা গম পাই নিজৰ বিপদকো নেওচি পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু তেওঁলোকে হাতে-কামে লাগি ঘৰটো নিৰ্মাণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ৷