ETV Bharat / state

অখিল গগৈক ৰাজনৈতিক বন্দী কৰি ৰখাটো উচিত হোৱা নাইঃ প্ৰফুল্ল মহন্ত

author img

By

Published : Jul 30, 2020, 4:04 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সৰৱ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৷ কেন্দ্ৰত বিজেপি আৰু ৰাজ্যতো বিজেপি চৰকাৰ থকাৰ পাচতো যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰিব পৰা নাই বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

prafulla mahanta press meet
prafulla mahanta press meet

যোৰহাট, 30 জুলাইঃ যোৰহাটৰ আৱৰ্ত ভৱনত সংবাদমেল আয়োজন কৰি বিভিন্ন বিষয়ক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ জেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্ত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে অখিল গগৈৰ কাৰাবন্দীত্বৰ পৰা আৰম্ভ কৰি বাক স্বাধীনতা খৰ্ব,কৰ’ণা ভাইৰাছৰ প্ৰসংগ আদি বিভিন্ন বিষয়ক সামৰি লৈ বিজেপি চৰকাৰক সমালোচনা কৰে ৷

অখিল গগৈৰ প্ৰসংগত মহন্ত

অখিল গগৈৰ প্ৰসংগত মহন্তই কয় যে,কল্পনাপ্ৰসূতভাৱে এটাৰ পাচত এটা গোচৰ জাপি দি অখিল গগৈৰ দৰে নেতাক ৰাজনৈতিক বন্দী কৰি ৰখাটো উচিত হোৱা নাই ৷ ইয়াৰ উত্তৰ কেৱল বিজেপি চৰকাৰেহে দিব পাৰিব ৷ আনহাতে কেন্দ্ৰত আঞ্চলিক দলৰ সহায় অবিহনে কোনো দলেই চৰকাৰ বনাব নোৱাৰে বুলি তেওঁ প্ৰকাশ কৰি অসমত আঞ্চলিক দলৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজন বুলি কয় ৷

অনাগত দিনত অসম গণ পৰিষদে সৰু সৰু আঞ্চলিক দলৰ সৈতে একগোট হৈ কাম কৰি যাব বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

কৰ‘ণা, বাক স্বাধীনতাৰ প্ৰসংগত কি ক’লে মহন্তই?

আনহাতে কেন্দ্ৰত বিজেপি আৰু ৰাজ্যতো বিজেপি চৰকাৰ থকাৰ পাচতো যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰিব পৰা নাই বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

ইপিনে তেওঁ বিজেপি চৰকাৰে বাক স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰা বুলি চৰকাৰক সমালোচনা কৰে ৷ তেওঁ কৰ’ণা সম্পৰ্কেও সংবামেলত উল্লেখ কৰে ৷

লগতে পঢ়কঃ ৰাইজৰ প্ৰশ্ন বাণত বিপাঙত পৰিল সৰুপথাৰৰ বিধায়িকা ৰ'জলিনা তিৰ্কী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.