ETV Bharat / state

বেকাজানত বজাৰ গৃহতে চলিছে আৰক্ষী চকীৰ কাম-কাজ

১৯৭২ চনতে স্থাপিত যোৰহাটৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বেকাজন আৰক্ষী চকীৰ দুৰ্দশাগ্ৰস্ত ছবিখনে সকলোৰে চকু কপালত তুলিছে ৷ অসম আৰক্ষীৰ আধুনিকীকৰণৰ শ্ল’গানৰ বিপৰীতে ভগ্নপ্ৰায় বজাৰ গৃহতে চলিছে আৰক্ষী চকীৰ কাম ৷

author img

By

Published : Jun 4, 2021, 1:26 PM IST

AS_TTB_poor-conditon-of-bokajan-police-station_vis_ASC10005
বেকাজানত বজাৰ গৃহতে চলিছে আৰক্ষী চকীৰ কাম-কাজ

তিতাবৰ, 4 জুন : এফালে অসম আৰক্ষীৰ আধুনিকীকৰণৰ শ্ল’গান, আনফালে আকৌ বজাৰগৃহত চলিছে আৰক্ষী চকী । শুনিবলৈ বেয়া লাগিলেও, বাস্তৱ ক্ষেত্ৰই এয়াই দেখিবৈল পোৱা গৈছে যোৰহাটৰ এখন আৰক্ষী চকীত ৷ যোৰহাটৰ অসম-নগালেণ্ড সীমান্তৰ বেকাজান আৰক্ষী চকীৰ দূৰ্দশাগ্ৰস্ত ছবিখন দেখিলে সকলোৰে চকু কপাঁলত উঠিব ৷

অসম-নগালেণ্ডৰ সীমা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৭২ চনতে স্থাপন কৰা হৈছিল গুৰুত্বপূৰ্ণ বেকাজান আৰক্ষী চকীখন । কিন্তু নগাপাহাৰৰ পৰা নামি অহা পানীৰ সোঁত আৰু পলসত ক্ৰমান্বয়ে পোত গৈছে বেকাজান আৰক্ষী চকীৰ চৌহদ । অৱশেষত আৰক্ষী চকীখনৰ মূল গৃহটোও একঁকাল পৰ্যন্ত পুতি পেলাইছে পলসে ।

ইয়াৰ পিছতে বেকাজান আৰক্ষী চকীখনৰ অস্থায়ী ঠিকনা হৈ পৰে সমীপতে থকা সাপ্তাহিক বজাৰ গৃহৰ এটা অংশ। তথাপিও এশ এবুৰি সমস্যাৰ মাজেৰেই নিয়াৰিকৈ কৰ্তব্য আৰু দ্বায়িত্ব সম্পাদনৰ চেষ্টা অব্যাহত ৰাখিছে চকীখনৰ আৰক্ষীসকলে । থকা, খোৱাৰ কোনোধৰণৰ সু-ব্যৱস্থা নথকাত আৰক্ষীৰ জোৱান সকলে একপ্ৰকাৰ অঘৰীৰ দৰে দিন অতিবাহিত কৰিছে আৰক্ষী চকীখনত।

বুধবাৰে তিতাবৰৰ নৱ নিৰ্বাচিত বিধায়ক ভাস্কৰ বৰুৱাই আৰক্ষী চকীখনৰ দুৰাৱস্থাৰ বুজ ল'বলৈ উপস্থিত হয় বেকাজানত । বেকাজান আৰক্ষীৰ দুৰ্দশা প্ৰত্যক্ষ কৰি বিধায়কজনে অনতিপলমে এইক্ষেত্ৰত আশানুৰূপ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যৰ গৃহ বিভাগৰ সৈতে যোগাযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

লগতে পঢ়ক- নলবাৰীত নিশা গুলিবিদ্ধ ডকাইতৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.