ETV Bharat / state

লক ডাউনে বিপৰ্যয় আনিছে কুটীৰ শিল্পলৈ - টীয়কৰ কুটীৰ শিল্পী

ক’ভিড মহামাৰীৰ ত্ৰাসৰ ফলত জাৰি কৰা লক ডাউনে অন্য ক্ষেত্ৰৰ লেখীয়াকৈ কুটীৰ শিল্পৰ সৈতে জড়িত শিল্পীসকলৰ জীৱনলৈ নামি আহিছে আৰ্থিক দুৰ্যোগ ৷ টীয়কৰ বলমা দিহিঙীয়া গাঁৱৰ মুকুল চুতীয়া নামৰ শিল্পীগৰাকীৰ জীৱনলৈও বিপৰ্যয় নমাই আনিছে মহামাৰী ক’ভিডে ৷

poor-condition-of-craft-artists-in-teok
লক ডাউনে বিপৰ্যয় কঢ়িয়াইছে কুটীৰ শিল্পলৈ
author img

By

Published : May 30, 2021, 10:01 PM IST

টীয়ক, 30 মে’: ক’ভিড মহামাৰীৰ ত্ৰাসে এতিয়া সমাজৰ ভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ এই অতিমাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আংশিক লক ডাউনকে ধৰি জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । স্বাভাৱিকতে এই নিৰ্দেশনাই ক’ভিড সংক্ৰমণত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে যদিও আৰ্থ-সামাজিক দিশত এই নিৰ্দেশনাই বিৰূপ প্ৰভাৱ পেলোৱা দেখা গৈছে ৷

লক ডাউনে বিপৰ্যয় কঢ়িয়াইছে কুটীৰ শিল্পলৈ

বিশেষকৈ দিন হাজিৰা কৰা লোকসকলৰ লগতে কুটীৰ শিল্পৰে জড়িত লোকসকলৰ জীৱনলৈ অমানিশা নামি আনিছে এই লক ডাউনে । টীয়কৰ বলমা দিহিঙীয়া গাঁৱৰ মুকুল চুতীয়া নামৰ শিল্পীগৰাকীৰ জীৱনলৈও এই সময়চোৱাই নমাই আনিছে বিপৰ্যয় ।

গুৰু আসনকে ধৰি নামঘৰ, আধ্যাত্মিক কাৰ্যত ব্যৱহৃত সামগ্ৰী পকীৰে নিৰ্মাণ কৰি এই সামগ্ৰীসমূহ বিক্ৰী কৰিছিল কুটীৰ শিল্পী মুকুল চুতীয়াই ৷ বিক্ৰী কৰি পোৱা ধনেৰে নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও এই কৰ্মত নিয়োজিত9-10 জন যুৱকৰ পৰিয়ালৰ উপাৰ্জনৰ পথ সুচল কৰি তুলিছিল । কিন্তু সম্প্ৰতি ক’ভিডৰ সংকটৰ সময়ত এইগৰাকী শিল্পীৰ লগতে শিল্পীগৰাকীৰ কুটীৰ উদ্যোগত জড়িত যুৱককেইজনৰ পৰিয়াললৈ নামি আহিছে দুৰ্যোগ ।

লগতে পঢ়ক : গুৱাহাটীত গ্ৰেপ্তাৰ এন এল এফ বিৰ কেডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.