যোৰহাট,27 ফেব্ৰুৱাৰীঃ অৱশেষত যোৰহাটত ধৰ্ষণৰ অভিযোগ অভিযুক্ত ব্যৱসায়ী ঘনশ্যাম তচনিৱালক কৰায়ত্ব কৰিবলৈ সক্ষম যোৰহাট আৰক্ষীয়ে ৷ যোৰহাট নগৰৰ পুৰণি বালিবাটৰ ব্যৱসায়ী গৰাকীৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত ৰুজু হোৱা ধৰ্ষণৰ গোচৰত অভিযুক্ত তচনিৱালক গুৱাহাটী কামাখ্যা গেটৰ পৰা শুকুৰবাৰে কৰায়ত্ব কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, বিগত ১৭ ফেব্ৰুৱাৰীত ব্যৱসায়ীজনৰ পুৰণি বালিবাটত থকা অট্টালিকাটোত কৰ্মৰত মৰিগাঁৱৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ দাখিল কৰা হৈছিল যোৰহাট সদৰ থানাত ৷ তাৰ পাছতেই ব্যৱসায়ীজনৰ বিৰুদ্ধে ৪৪৮/২১ নম্বৰত এক গোচৰ ৰুজু কৰিছিল যোৰহাট আৰক্ষীয়ে ৷ সেই দিনাৰ পৰা পলাতক অৱস্থাত আছিল ব্যৱসায়ীজন ৷
প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগী মৰিগাঁৱৰ যুৱতীগৰাকী তচনিৱালৰ ভেৰীয়া বিল্ডিং নামৰ ঘৰটোত মেনেজাৰৰূপে কৰ্মৰত হৈ আছিল ৷ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত এটা আপত্তিজনক ভিডিঅ’ৰ লগতে এই ঘটনাৰ লগত জড়িত আন বহু প্ৰমাণ পোৱাৰ কথাও উল্লেখ কৰিছে ৷
লগতে পঢ়কঃ বানে জুৰুলা কৰা এখন বিশেষ গাঁও