ETV Bharat / state

ৰাজ্যত এতিয়াও মুক্তভাৱে ব্যৱহাৰ হৈ আছে প্লাষ্টিক বেগ

প্লাষ্টিকৰ ব্যৱহাৰ আৰু বিক্ৰী ক্ষেত্ৰত কঠোৰ নিয়ম কৰাৰ পাছতে একাংশ পাইকাৰী ব্যৱসায়ী য়ে সুযোগ গ্ৰহণ কৰি এতিয়া যোৰহাট চহৰত দাম বৃদ্ধি কৰিছে প্লাষ্টিকৰ বেগৰ ৷ যি প্লাষ্টিক বেগৰ এক কেজি মূল্য ১৪০ আছিল এতিয়া ১৬০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত হৈছে ৷

author img

By

Published : Nov 23, 2019, 11:56 PM IST

ৰাজ্যত এতিয়াও মুক্তভাৱে ব্যৱহাৰ হৈ আছে প্লাষ্টিক বেগ

যোৰহাট, 23 নৱেম্বৰঃ 2 অক্টোবৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে দেশজুৰি নিষিদ্ধ কৰা হৈছে এবাৰ ব্যৱহৃত প্লাষ্টিক ৷ কিন্তু প্ৰকৃতাৰ্থত এতিয়াও প্লাষ্টিক মুক্ত হৈ উঠা নাই দেশ ৷ যোৰহাটত এতিয়াও মুক্তভাৱে ব্যৱহাৰ হৈ আছে প্লাষ্টিক বেগ ৷ প্লাষ্টিকৰ ব্যৱহাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিয়ম কৰাৰ পাছতে একাংশ পাইকাৰী ব্যৱসায়ীয়ে সুযোগ গ্ৰহণ কৰি এতিয়া যোৰহাট চহৰত দাম বৃদ্ধি কৰিছে প্লাষ্টিকৰ বেগৰ ৷ যি প্লাষ্টিক বেগৰ এক কেজি মূল্য ১৪০ আছিল এতিয়া ১৬০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত হৈছে ৷ আনাহতে, একাংশ ফল মূল ব্যৱসায়ী মতে গ্ৰাহকসকলেও প্লাষ্টিকৰ বেগ নিদিলে ফলমূল ল’ব নিবিচাৰে ৷ কিছু সংখ্যকে আন বেগ লৈ আহে যদিও বহু পৰিমাণৰ গ্ৰাহকে প্লাষ্টিকৰ বেগ বিচাৰে ৷

প্লাষ্টিক বেগৰ মুক্ত ব্যৱহাৰ

ইয়াৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে,চৰকাৰে যিমানেই নীতি নিৰ্ধাৰণৰ লগতে আইন প্ৰণয়ন নকৰক কিয় যদিহে জনসাধাৰণে এইক্ষেত্ৰত কোনোধৰণৰ সহায় সহযোগিতা নকৰে তেন্তে কাল ক্ৰমত এই চৰকাৰী ঘোষণাও প্ৰহসনত পৰিণত হ’ব ৷

প্লাষ্টিক মুক্ত পৃথিৱী সম্ভৱনে।।যোৰহাটত এতিয়াও মুক্ত ভাৱে ব্যৱহাৰ প্লাষ্টিক বেগৰ।।

এখন প্লাষ্টিক মুক্ত পৃথিৱীৰ হয়তো এক অযুত কল্পনা।চৰকাৰে যিমানেই নীতি নিৰ্ধাৰণ নকৰক কিয় অথবা আইন প্ৰণয়ন নকৰক কিয় যদিহে জনসাধাৰণে সহযোগিতা নকৰে তেনেহলে কোনো নীতি নিৰ্দেশনা সঠিক ব্যৱহাৰ নহয়।কাল ক্ৰমত এই চৰকাৰী ঘোষণা প্ৰহসন হে হৈ পৰেগৈ।এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে চোকা নিৰ্দেশনা দিয়া পাছতো ৰাজ্য খনত এতিয়াও সম্পূৰ্ণৰূপে ব্যৱহাৰ হৈ আছে প্লাষ্টিকৰ বেগৰ।তাৰ স্পষ্টকৈ দেখা পোৱা গৈছে যোৰহাট চহৰত।
প্লাষ্টিকৰ ব্যৱহাৰ আৰু বিক্ৰী ক্ষেত্ৰত কঠোৰ নিয়ম কৰাৰ পাছতে একাংশ পাইকাৰী ব্যৱসায়ী য়ে সুযোগ গ্ৰহণ কৰি এতিয়া যোৰহাট চহৰত দাম বৃদ্ধি কৰিছে প্লাষ্টিকৰ বেগৰ।যি প্লাষ্টিক বেগৰ এক কেজি মূল্য ১৪০ আছিল এতিয়া ১৬০ টকাৰ পৰা ২০০ টকা প্ৰযন্ত হৈছে।কিন্তু কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠানত প্লাষ্টিক বেগৰ ব্যৱহাৰ কৰা টো এৰিছে যদিও দৈনিক বজাৰ সমুহত এতিয়াও মুক্ত ভাৱে ব্যৱহাৰ হৈ আছে।একাংশ ফল মূল ব্যৱসায়ী মতে গ্ৰাহকে প্লাষ্টিকৰ বেগ নিদিয়ে ফলমূল নিব নিবিচাৰে।কিছু সংখ্যকে আন বেগ লৈ আহে যদিও বহু পৰিমাণৰ গ্ৰাহকে প্লাষ্টিকৰ বেগ বিচাৰে।

যদি জনসাধাৰণৰ মাজত প্লাষ্টিকৰ ব্যৱহাৰৰ ভয়াবহতা পক্ষে সজাগ নহয় তেতিয়া হলে চৰকাৰে যিমান নীতি নিৰ্দেশনা জাৰি নকৰক কিয় মানহৰ স্বভাৱ পৰিবৰ্তন কৰিব নোৱাৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.