যোৰহাট, 7 জানুৱাৰী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুমতি বিচাৰি যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত ৰাইজৰ সেৱা প্ৰাৰ্থনা ৷ স্থানীয় ৰাইজৰ লগত সহযোগিতা কৰে বীৰ লাচিত সেনা,সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সমৰ্থকে ৷
জাতি ধ্বংসী বিৰ্তকিত আইনখন বাতিলৰ বাবে যাতে তেওঁলোকক ভগৱানে সুমতি প্ৰদান কৰে তাৰ বাবে শৰাই আগবঢ়ায় । ইপিনে অসমবাসীয়ে ‘কা’ৰ বিৰুদ্ধে ইমান গণ আন্দোলন কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমবাসীক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যসভা আৰু লোকসভাত বিলখন গৃহীত কৰিলেও ভগৱানৰ সভাত গৃহীত নহয় বুলি বিশ্বাস ৰাইজৰ।
উল্লেখযোগ্য যে,এই পবিত্ৰ স্থানৰ পৰাই চৰকাৰক ‘কা’ বিৰোধী আন্দোলনৰ নেতা সকলক বিনা চৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷
লগতে চাওকঃদুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বেংগালুৰু-মুম্বাই অভিমুখি ইণ্ডিগ’ বিমান