যোৰহাট, 3 ডিচেম্বৰ : যোৰহাট চহৰৰ বিভিন্ন বাট-পথ উন্নয়ন সাধনৰ চেষ্টা অব্যাহত আছে । কিন্তু এই নিৰ্মাণৰ নামত ৰাজনীতি কৰা অভিযোগ উত্থাপিত হৈছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী বিৰুদ্ধে ।
চহৰখনৰ সোঁমাজত থকা বালিবাটটোও পুনৰ নিৰ্মাণ কৰা হৈছে । উল্লেখ্য যে, এই পথ পূৰ্বে পৌৰসভাৰ অন্তৰ্গত আছিল । কিন্তু যোৰহাটৰ বিধায়কজনে নিজৰ পচন্দৰ ঠিকাদাৰক ঠিকা দিবৰ বাবেই এই পথটো গড়কাপ্তানি বিভাগৰ হাতত হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
![pathetic road condition in jorhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9745275_1.jpg)
বিগত এসপ্তাহ ধৰি পথটো বন্ধ ৰাখি নিৰ্মাণৰ কাম কৰা হৈছে যদিও পথটোত ব্যৱহাৰৰ বাবে অনা সামগ্ৰীসমূহ ৰাইজে নিম্ন মানদণ্ডৰ বুলি গড়কাপ্তানি বিভাগৰ অভিযন্তাক আপত্তি দৰ্শোৱাৰ পাচত বুধবাৰে সামগ্ৰীসমূহ ওভতাই লৈ যোৱা হয় ।
একমাত্ৰ ৰাজনৈতিক লাভলাভৰ বাবে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই কাম কৰা বুলি 6 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ অংকুৰ গুপ্তাই বিস্ফোৰক মন্তব্য দাঙি ধৰিছে ৷ ৱাৰ্ড মেম্বাৰ অংকুৰ গুপ্তাৰ এই মন্তব্যই এতিয়া সমগ্ৰ যোৰহাট চহৰত চাঞ্চল্য়ৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : ধেমাজিত কৃষক মুক্তিৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট