টীয়ক, ১০ছেপ্টেম্বৰ: যোৰহাট জিলাৰ কাকজান মহাবিদ্যালয়ৰ(Kakzan College in Jorhat)ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডীজ এণ্ড লিটাৰী ফ'ৰাম(English Studies and Literary Forum)আৰু অসমীয়া বিভাগৰ আখৰা ঘৰৰ উদ্যোগত কাকজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে এটি মত বিনিময় অনুষ্ঠান অনুস্থিত হয় । উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচি(writer Yeshe Darje Thongsi)।
কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তুফেল জিলানীয়ে আঁত ধৰা(Yeshe Darje Thongsi interaction in Kakzan College)বক্তৃতাৰ এই অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অধ্যক্ষা ড৹ৰূপৰেখা বৰদলৈ, উপাধ্যক্ষা ড৹বিজয়লক্ষ্মী নেওগ, ইংৰাজী বিভাগৰ মুৰব্বী ড৹ পংকজ গোস্বামী, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ লগতে শৈক্ষিক উপাধ্যক্ষ মৃদুল গগৈ উপস্থিত থাকে । উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকীয়ে শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগত তেওঁ জীৱনৰ বিভিন্ন অভিজ্ঞতাসমূহ বিনিময় কৰে ।
পদ্মশ্ৰীগৰাকীয়ে ছাত্ৰ -ছাত্ৰীসকলক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায় । তেওঁ সাহিত্য চৰ্চাৰ যোগেদিয়েই উঠি অহা প্ৰজন্মই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক উজ্বলাই তুলিব পাৰিব বুলি আশা প্ৰকাশ কৰে । ইপিনে, সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত অসম সাহিত্য সভাৰ(Assam Sahitya Sabha)সভাপতি পদ সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত সাহিত্যগৰাকীয়ে কয় যে কোনো জাতীয় অনুষ্ঠানে কোনো ব্যক্তিৰ সকলো আশা পূৰণ কৰিব নোৱাৰে । প্ৰত্যকৰে একো একোটা নিৰ্দিষ্ট পৰিধি থাকে। সেয়ে কাম কৰাৰ ক্ষেত্ৰত হয়তো কেতিয়াবা ক’ৰবাত বাধাৰ সৃষ্টি হয় ।
অৱশ্য ইতিমধ্যে সাহিত্য সভাই বিগত দিনবোৰত অসমৰ হৈ নিজৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে বুলি তেওঁ কয় । অনাগত দিনসমূহতো সাহিত্যসভাৰ দীৰ্ঘদিনীয়া যাত্ৰাত অজানিতে ৰৈ যোৱা ভুল-ত্ৰুটিসমূহ পৰ্যালোচনা কৰি ন ৰূপেৰে আগুৱাই নিবলৈ চেষ্টা চলোৱা হ'ব বুলি মন্তব্য কৰে বিশিষ্ট ব্যক্তিগৰাকীয়ে ।
লগতে পঢ়ক:গণেশৰ মূৰ্তি বিসৰ্জনৰ মাজতেই সোঁতে উটুৱাই নিলে কেইবাজনো ভক্তক