ETV Bharat / state

এটা দুৰ্ঘটনাক লৈ নিশা যোৰহাটত উত্তেজনা - jorhat

সোমবাৰে নিশা মৰিয়নীৰ দিশৰ পৰা যোৰহাট অভিমুখে আহি থকা সেনাবাহিনীৰ বাহনৰ সৈতে এখন ব্যক্তিগত বাহনৰ সংঘৰ্ষ হোৱাৰ ফলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

নিশা যোৰহাটত উত্তেজনা
নিশা যোৰহাটত উত্তেজনা
author img

By

Published : Oct 27, 2020, 1:20 PM IST

যোৰহাট, 27 অক্টোবৰ: যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ সমীপত সোমবাৰে নিশা সংঘটিত হয় এক দুৰ্ঘটনা ৷ মৰিয়নীৰ দিশৰ পৰা যোৰহাট অভিমুখে আহি থকা সেনাবাহিনীৰ 03D/53778L নম্বৰৰ বাহনখনৰ সৈতে সংঘৰ্ষ এখন ব্যক্তিগত বাহনৰ ৷ যাৰ ফলত ক্ষতিগ্ৰস্ত হয় মৰিয়নীৰ দিশে গৈ থকা MZ-01 N-4355 নম্বৰৰ বাহন খন ৷

এটা দুৰ্ঘটনাক লৈ নিশা যোৰহাটত উত্তেজনা

ব্যক্তিগত বাহন খনৰ চালক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, যোৰহাটৰ পৰা মৰিয়নীৰ দিশে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ গতিত আহি থকা সেনাৰ বাহনখনে পথৰ পৰা আঁতৰি নিদিয়াকৈ বাহনখনত খুন্দা মাৰে ৷ লগতে চিনামৰা আৰক্ষী চকীৰ চেক গেটো ভাঙে সেনাৰ বাহনখনে ৷ ইয়াৰোপৰি সেনা বাহিনীৰ বাহনখনৰ চালক গৰাকী সুৰামত্ত হৈ থাকাৰো অভিযোগ উত্থাপন কৰিছে ব্যক্তিগত বাহন খনৰ চালকে ৷ সমগ্ৰ ঘটনাক লৈ দুয়োগৰাকী চালকৰ মাজত তৰ্ক-বিতৰ্ক হয় বুলিও জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত সেনাবাহিনীৰ বাহন খন আৰু চালক গৰাকীক চিনামৰা আৰক্ষী চকীলৈ নিয়ে যদিও, চালক গৰাকীক যাবলৈ দিয়ে ৷

লগতে পঢ়ক: খুমটাইত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.