টীয়ক,19 ছেপ্টেম্বৰ: সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চৰ্চাত টীয়কৰ জেলেঙীটোপৰ ৰিদীপ শইকীয়া (Assam Police Recruitment 2022)। টীয়ক সমষ্টিৰ বান বিধস্ত অতিকৈ ভিতৰুৱা অঞ্চল জেলেঙীটোপৰ পৰিশ্ৰমী যুৱক ৰিদীপে দেওবাৰে ঘোষিত অসম আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোতে আনন্দৰ বন্যা বিয়পাবলৈ সক্ষম হৈছে ।
উল্লেখযোগ্য যে, শৈশৱতে মাতৃহাৰা হোৱা ৰিদীপৰ পিতৃ দ্বিজেন শইকীয়াই অতি কষ্টেৰে ডাঙৰ-দীঘল কৰিছিল ৰিদীপ আৰু তেওঁৰ ভনীয়েকক । অৱশেষত যেন ৰিদীপৰ পিতৃৰ কষ্টই সাৰ্থক ৰূপ লাভ কৰিলে ৷ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফল হ'ল ৰিদীপ শইকীয়া ৷ এই সুখবৰ বিয়পি পৰাৰ লগে লগে ৰিদীপৰ ঘৰত শুভাকাংক্ষীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷
আনফালে, স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনবোৰতো এনে নিকা নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰখনৰ প্ৰতি আহ্বান জনাইছে ৰিদীপে(Assam CM Himanta Biswa Sarma) ৷
লগতে পঢ়ক: চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ দুই অভিযুক্তক আটক চিমলা আৰক্ষীৰ