টীয়ক,২০ মে': এছ.আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (SI Junmoni Rabha accident)। দুৰ্ঘটনাত মৃত্যু হোৱা বুলি একাংশই দাবী কৰাৰ বিপৰীতে বহুতে সন্দেহ কৰিছে যে এই ঘটনাৰ আঁৰত কোনো ৰহস্য আছে । পৰিকল্পিত ঘটনা বুলিও বহুতে দাবী কৰিছে (Mysterious death of Junmoni Rabha)। এনেবোৰ চৰ্চাৰ মাজতে যোৰহাট জিলাৰ টীয়কত আন এক দুৰ্ঘটনা । টীয়কৰ জাঁজী দলঙৰ সমীপত সংঘটিত দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।
জানিব পৰা মতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে (Teok accident)। যোৰহাটৰ পৰা মৰাণ অভিমুখে গৈ থকা AS-06-AH-8747 নম্বৰৰ এখন থাৰ বাহনে পথ পাৰ হ'বলৈ লওঁতে এগৰাকী ব্যক্তিক খুন্দা মাৰে । গাড়ী চালকৰ আসনত আছিল অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰেম ফুকন । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ব্যক্তিজনৰ অৱস্থা সংকটজনক দেখি নিজৰ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত লৈ বিষয়া প্ৰেম ফুকনে ততাতৈয়াকৈ টীয়ক এফ আৰ ইউ লৈ আহে । কিন্তু চিকিৎসকে ইতিমধ্যে ব্যক্তিগৰাকীক মৃত ঘোষণা কৰিছে (One death in accident in Teok)।
মৃত ব্যক্তিজনৰ নাম ৰাজ কিশোৰ ৰায় বুলি জানিব পৰা গৈছে । ৰাজ কিশোৰ ৰায়ৰ এগৰাকী সতীৰ্থৰ মতে তেওঁৰ ঘৰ বিহাৰত । ৰাজ কিশোৰ ৰায় অসম ৰাইফলছৰ সামগ্ৰী পৰিবহনত নিয়োজিত কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে টীয়ক আৰক্ষী হাস্পতালত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
ৰাজ কিশোৰ ৰায়ৰ সতীৰ্থৰ মতে ভুল পথেৰে আহি আছিল বাহনখন । কিন্তু আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব । অৱশ্যে প্ৰাক্তন অসম আৰক্ষী বিষয়া প্ৰেম ফুকনে দুৰ্ঘটনাটো সংঘটিত কৰিলেও তেওঁ নিজেই লোকজনক হাস্পতাললৈ লৈ অহা কাৰ্যক বহুতে মহানুভৱতাৰ নিদৰ্শন বুলিও দাবী কৰিছে ।
লগতে পঢ়ক :Shrinkhal Chaliha arrested : শৃংখলক পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা !