টীয়ক,8 জুনঃ টীয়কৰ কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ নিকুমনি হাজৰিকা নামৰ আশা কৰ্মী গৰাকীক অশ্লীল গালি গালাজ কৰাৰ লগতে অপহৰণৰ ভাবুকি দিয়া ৰাজৈৰ যুৱ ব্যৱসায়ী ৰাকেশ গুপ্তাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, ব্যৱসায়ীজনৰ বিৰুদ্ধে আশা কৰ্মী নিকুমনি হাজৰিকাই লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতো ব্যৱসায়ীজন কোৱাৰেন্টাইন হৈ থকাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল ৷ যাৰ ফলত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত যোৰহাট জিলা আশা কৰ্মী সন্থাই পৰৱৰ্তী সময়ত লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰু তেতিয়া লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তই অভিযুক্তজনক তেওঁৰ কোৱাৰেন্টাইন শেষ হ'লেই গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছিল ।
সেই মৰ্মে দেওবাৰে তেওঁৰ কোৱাৰেন্টাইনৰ সময় শেষ হোৱাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । ৰাজৈ অঞ্চলৰ অবৈধ সুৰাৰ বেহাৰ সৈতে জড়িত ৰাকেশ গুপ্তাই নগাঁৱৰ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা নিজৰ গাড়ীৰে আনিছিল কেইবাজনো যুৱকক । ইয়াৰ পাছতে স্থানীয় আশা কৰ্মী নিকু হাজৰিকাই ব্যৱসায়ী জনক নিজ ঘৰতে কোৱাৰেন্টাইন হ'বলৈ পৰামৰ্শ দিছিল । এই কথাত খৰ্গহস্ত হৈ ৰাকেশ গুপ্তাই অশ্লীল ভাষাৰে আশা কৰ্মী গৰাকীক গালি গালাজ কৰাৰ লগতে অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল । অৱশ্যে ব্যৱসায়ী জনে অস্বীকাৰ কৰিছে এই সমস্ত অভিযোগ ।
লগতে পঢ়কঃ সুৰাৰ ওপৰত থকা কৰ'ণা বিশেষ কৰ আঁতৰ কৰিলে দিল্লী চৰকাৰে