টীয়ক, 23 এপ্ৰিলঃ ভগামুখ আদৰ্শ চিকিৎসালয়ত এজন ৪৫ বছৰীয়া লোকৰ মৃত্যু হয় ৷ মৃত লোকজনৰ ঘৰ উৰিয়ামঘাটৰ লক্ষীপুৰত বুলি জানিব পৰা গৈছে ৷
যোৰহাট জিলাৰ ভগামুখ আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ভৰ্তি কৰোৱা এজন লোকৰ মৃত্যু হয় ৷ মৃত লোকজনৰ নাম নগেন ৰাভা বুলি চিনাক্ত কৰা হৈছে । লোকজনৰ ঘৰ গোলাঘাট জিলাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত লক্ষীপুৰত ৷ উল্লেখ্য যে,মৃত নগেন ৰাভাই নাগালেণ্ডৰ নামচাং পাহাৰৰ পৰা গোলাঘাটৰ উৰিয়াম ঘাটলৈ অন্য লোকৰ সৈতে খোজ কাঢ়ি আহিছিল ৷ আনহাতে তেখেতৰ স্বাস্থ্যৰ অৱনতি হৈ পথতেই ঢলি পৰিছিল বুলি চিকিৎসকে সাংবাদিকৰ আগত সদৰি কৰে ৷ অৱশেষত,বিয়লি প্ৰায় ২ বজাত যোৰহাট জিলাৰ চেলেংহাটৰ ধোদৰ আলিৰ কাষত মুমূৰ্ষ অৱস্থাত প্ৰশাসনৰ লোকে উদ্ধাৰ কৰি ১০৮ জৰুৰী সেৱা যোগে ভগামুখ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও কিছুসময়ৰ পিছতে মৃত্যুক আঁকোৱালি লয় লোকজনে। আনহাতে মৃতলোকজনৰ দেহত কৰ'ণা ৰোগৰ কোনো ধৰণৰ লক্ষণ পোৱা নাই বুলি চিকিৎসকে সদৰি কৰে ৷ মৃত লোকজন নাগালেণ্ডত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে ভগামুখ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক- আৰ্থিক দৈন্যতাই জুৰুলা কৰা এটি পৰিয়াল