ETV Bharat / state

কাতি বিহুৰ দিনাখন উদং পথাৰ দেখি হতাশগ্ৰস্ত তিতাবৰৰ কৃষক - প্ৰতিৰোধ

কাতি বিহুৰ দিনাখন উদং পথাৰ দেখি হতাশগ্ৰস্ত তিতাবৰৰ কৃষক ৷ বানে সৰ্বশ্ৰান্ত কৰা পথাৰত চলিত বৰ্ষত ৰোপন কৰিব নোৱাৰিলে শস্য ৷

On the day of Kati Bihu, the farmers of Titabar were disappointed to see Paddy Field
কাতি বিহুৰ দিনাখন উদং পথাৰ দেখি হতাশগ্ৰস্ত তিতাবৰৰ কৃষক
author img

By

Published : Oct 17, 2020, 6:44 PM IST

যোৰহাট, 17 অক্টোবৰ : আজি কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু । কিন্তু এইবাৰ কাতি বিহুৰ দিনাখন উদং পথাৰলৈ চাই হুমুনিয়াহ কাঢ়িছে তিতাবৰৰ জোনাকী মণ্ডল গাঁৱৰ কৃষকসকলে । কাকডোঙা নদীৰ বলিয়া বানে ধুই নিয়া উদং পথাৰখনত প্ৰাণৱন্ত হৈ নুঠিল কৃষক ৰাইজৰ শস্যবোৰ । কাৰণ বানে ধোঁৱা অঞ্চলটোৰ ৰাইজে এইবাৰ ৰোপন কৰিব নোৱাৰিলে শস্য ৷

On the day of Kati Bihu, the farmers of Titabar were disappointed to see Paddy Field
কাতি বিহুৰ দিনাখন উদং পথাৰ দেখি হতাশগ্ৰস্ত তিতাবৰৰ কৃষক

উল্লেখ্য যে, বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে বানৰ কৱলত পৰি অহা অঞ্চলটোত বান পৰিস্থিতি প্ৰতিৰোধৰ বাবে চৰকাৰে এই পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো প্ৰতিৰোধৰ ব্যৱস্থা । যাৰ ফলত কৰ'ণা সংহাৰৰ মাজতে ৰাজ্যবাসীয়ে কাতি বিহু পালন কৰাৰ সময়তে তিতাবৰত একাংশ কৃষকৰ মূৰে কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : কলিয়াবৰত ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.