ETV Bharat / state

Old Woman dead body recover update: দুই পুত্ৰ সন্তানৰ অৱহেলাৰ বাবে মৃত্যু মুখত পৰিল জন্মদাত্ৰী মাতৃ- স্থানীয় লোকৰ বিস্ফোৰক অভিযোগ - স্থানীয়ো লোকৰ বিস্ফোৰক অভিযোগ

দেওবাৰে যোৰহাট জিলাৰ বাহনাৰ ধোঁৱাপুখুৰী গাঁৱৰ এটা ঘৰৰ ভিতৰত এগৰাকী বৃদ্ধাৰ উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ কৰাৰ পিচতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৃদ্ধাগৰাকীৰ দুই শিক্ষিত পুত্ৰ আৰু কন্যাৰ অৱহেলাৰ বাবেই তেওঁ ছটফটাই মৃত্যুৰ মুখত পৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

Old Woman dead body recover update
দুই পুত্ৰ সন্তানৰ অৱহেলাৰ বাবে মৃত্যু মুখত পৰিল জন্মদাতী মাতৃ
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 3:53 PM IST

দুই পুত্ৰ সন্তানৰ অৱহেলাৰ বাবে মৃত্যু মুখত পৰিল জন্মদাত্ৰী মাতৃ

যোৰহাট, 2 অক্টোবৰ: যোৱা 1 অক্টোবৰ অৰ্থাৎ দেওবাৰে যোৰহাট জিলাৰ বাহনাৰ ধোঁৱাপুখুৰী গাঁৱৰ এটা ঘৰৰ ভিতৰত এগৰাকীৰ মহিলাৰ উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছিল । শৰীৰটো সম্পূৰ্ণ উৱঁলি যোৱা অৱস্থাত নিজ শোৱনি কোঠাত উদ্ধাৰ কৰা হৈছিল মৃতদেহটো ৷ এই মৃতদেহটো অনুপমা দত্ত (৭৫)ৰ নামৰ এগৰাকী বৃদ্ধাৰ বুলি জানিব পৰা গৈছিল ৷ প্ৰায় এমাহ ধৰি শোৱনি কোঠাৰ বিচনাত বৃদ্ধাগৰাকীৰ মৃতদেহ পৰি আছিল ।

এই ঘটনা পোহৰলৈ অহাৰ পিচতেই বৃদ্ধাগৰাকীৰ দুই পুত্ৰলৈ ৰাইজে আঙুলি উঠাইছে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি বৃদ্ধাগৰাকীৰ দুই পুত্ৰ সন্তান কৰ্মসূত্ৰে ছিকিমৰ গেংটক আৰু আমেৰিকাৰ কেলিফৰ্নিয়াত থাকে ৷ দুয়ো পুত্ৰই শীৰ্ষ পদত চাকৰি কৰি আছে ৷ বৃদ্ধাগৰাকীৰ সৈতে উচ্চা শিক্ষিতা এগৰাকী কন্যা আছিল যদিও দুয়ো পৃথকে পৃথকে বাস কৰিছিল। আনহাতে কন্যা সন্তানগৰাকী মানসিকভাৱে বিশেষ সক্ষম ৷ কৰ্মসূত্ৰে বাহিৰত থকা পুত্ৰদ্বয়ে মাতৃক কোনো গুৰুত্ব দিয়া নাছিল বুলি স্থানীয় লোকে মত প্ৰদান কৰে ।

আনহাতে ওচৰ চুবুৰীয়া কোৱা মতে মৃত অনুপমা দত্ত এগৰাকী সহজ সৰল মনৰ মহিলা ৷ ওচৰ চুবুৰীয়া লগত তেওঁ সম্পৰ্ক বজাই ৰাখিছিল ৷ কিন্তু বিগত দিনকেইটাত মহিলাগৰাকীক গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰা নাছিল ৷ কন্যা সন্তানগৰাকীয়ে গেটত তলা ওলোমাই ৰখাৰ বাবে গাঁৱৰ লোক ঘৰৰ ভিতৰলৈ আহিব পৰা নাছিল ৷

মহিলাগৰাকীৰ এজন পুত্ৰই বাহনা ওচৰ এখন হোটেল পৰা মহিলাগৰাকীক খাদ্য দিয়া ব্যৱস্থা কৰি দিছিল যদিও পিচলৈ সেই খাদ্য পুত্ৰই বন্ধ কৰি দিছিল ৷ ইয়াৰ পিচতে জন্মদাত্ৰী মাতৃগৰাকীক দুই পুত্ৰ সন্তান আৰু কন্যাই অৱহেলা কৰাৰ বাবে দুখ কষ্ট আৰু যন্ত্ৰণাত ছটফটাই কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হ’ল বুলি সৰ্বত্ৰে অভিযোগ উথাপিত হৈছে ৷ ইতিমধ্যে এই ঘটনাই বৃহত্তৰ বাহনা অঞ্চলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: Old woman dead body recovered: শোৱনি কোঠাৰ বিচনাত উঁৱলি যোৱা অৱস্থাত বৃদ্ধাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.