ETV Bharat / state

অমানৱীয়: নামঘৰৰ কামত অংশ নোলোৱাৰ বাবেই মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল গাঁওবাসী

Inhuman act in Jorhat : তথাকথিত সমাজৰ মধ্যযুগীয় আক্ৰোশৰ বলি যোৰহাটৰ এটা পৰিয়াল ৷ মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল কোনো গাঁওবাসী ৷

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 4:01 PM IST

Inhuman act in Jorhat
মৃতদেহ সৎকাৰ কৰিবলৈ ওলাই নাহিল গাঁৱৰ ৰাইজ
যোৰহাট সংঘটিত হৈছে হৃদয়বিদাৰক ঘটনা

যোৰহাট, 28 ডিচেম্বৰ : যোৰহাটত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰিব পৰা এক ঘটনা ৷ যোৰহাটৰ ৰৰৈয়াৰ নাম হাবুঙীয়া গাঁৱত তথাকথিত সমাজৰ মধ্যযুগীয় আক্ৰোশৰ বলি হ’ব লগীয়া হৈছে এটা দুৰ্ভগীয়া পৰিয়াল ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰশ্নই জোকাৰি গৈছে সচেতন মহলক ৷ প্ৰশ্নৰ উদ্ৰেক হৈছে আজিৰ দিনটো কিমান তললৈ নামিব পাৰে সমাজ ৷

যোৰহাটৰ ৰৰৈয়া নাম হাবুঙীয়া গাঁৱত সংঘটিত হৈছে এই অমানৱীয়, হৃদয় বিদাৰক ঘটনা ৷ মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল কোনো গাঁওবাসী তথা স্থানীয় লোক ৷ জানিব পৰা মতে গাঁওখনৰ অনিতা পেগু শইকীয়া নামৰ 32 বছৰীয়া এগৰাকী বিবাহিতা মহিলাৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ কিন্তু আক্ৰোশমূলকভাৱে মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল কোনো গাঁওবাসী ৷ মহিলাগৰাকীৰ মৃত্যুৰ পিছতে পৰিয়ালটোৰ প্ৰতি গাওঁবাসীয়ে প্ৰদৰ্শন কৰে নিষ্ঠুৰতা ৷

প্ৰায় তিনি ঘণ্টা ধৰি ঘৰৰ চোতালত মৃতদেহ ৰাখি কান্দি-কাটি সকলোকে সৎকাৰৰ বাবে আহ্বান জনোৱাৰ পাছতো নাহিল গাঁৱৰ কোনো লোক ৷ উপায়ন্তৰ হৈ অৱশেষত ঘৰৰ মানুহেই ৰীতি-নীতি অনুসৰি সৎকাৰ কৰিলে মৃতদেহ ৷ যিজন যুৱকৰ পত্নীৰ মৃত্যু হ’ল তেওঁ নামঘৰৰ কোনো কাম-কাজলৈ নাযায় বুলি সমাজৰ লোকে সৎকাৰ কৰিবলৈ নাহিল বুলি জানিব পৰা গৈছে ৷

কিন্তু পৰিয়ালটোৰ মুৰব্বী হিচাবে মাতৃ, বোৱাৰী আৰু সৰু পুত্ৰই নামঘৰৰ সকলো কাম-কাজ তথা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে নামঘৰৰ বৰঙণি আদিও নিয়মীয়াকৈ দি আহিছে বুলি জানিবলৈ দিয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ এগৰাকী সদস্যই ৷ মানৱতাক ভূলুণ্ঠিত কৰা সমাজৰ এই কঠোৰ পদক্ষেপে সকলোকে ভবাই তুলিছে ৷ শৈক্ষিক নগৰী যোৰহাটত সংঘটিত এই ঘটনাই এতিয়া সচেতন সকলোকে লজ্জানত কৰিছে ৷

লগতে পঢ়ক : বোৱাৰীৰ আত্মহত্যা, স্বামীয়ে হত্যা কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.