ETV Bharat / state

linkan and dignity য়ে কেতিয়া দিব ঠিকাদাৰৰ অনাদায়ৰ ধন ? - লিংকন এণ্ড ডিগনিটি

37 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কামত স্থানীয় যুৱকক নিয়োগ কৰি প্ৰাপ্যৰ ধন আদায় নকৰাকৈয়ে উধাও হ'ল নিৰ্মাণকাৰী সংস্থা GDCL আৰু লিংকন এণ্ড ডিগনিটি (linkan and dignity) ৷ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যুৱৰক সকলৰ মাজত ৷

allegation of scam in fourlane road construction
linkan and dignity য়ে কেতিয়া দিব ঠিকাদাৰৰ অনাদায়ৰ ধন ?
author img

By

Published : Aug 12, 2021, 9:39 PM IST

টীয়ক, 12 আগষ্ট : যোৰহাট বাইপাছৰ পৰা জাঁজী লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত GDCL নামৰ নিৰ্মাণ সংস্থাটোক অব্যাহতি দিয়াৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঠিকাদাৰ সকলৰ মাজত ৷ জানিব পৰা মতে নিৰ্মাণ সংস্থা জিডিছিএলে উপ ঠিকা প্ৰদান কৰা লিংকন এণ্ড ডিগনিটি নামৰ প্ৰতিষ্ঠানটোৱে পথ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় মাটি, পলস, শিল, বালি আদি যোগানৰ দায়িত্ব দিছিল স্থানীয় একাংশ যুৱকক ৷

চুক্তি অনুসৰি টীয়কৰ একাংশ ঠিকাদাৰে পথ সম্প্ৰসাৰণৰ সামগ্ৰী যোগান ধৰিছিল ৷ কিন্তু সমাগ্ৰী যোগান ধৰা নামত স্থানীয় ঠিকাদাৰ সকলে যিমান টকা বিনিয়োগ কৰিছিল সেই টকা আজিও নিৰ্মাণকাৰী সংস্থাটোৱে আদায় কৰা নাই ৷ ফলত অনিশ্চয়তাত ভুগিবলগীয়া ঠিকাদাৰ সকলে ৷

linkan and dignity য়ে কেতিয়া দিব ঠিকাদাৰৰ অনাদায়ৰ ধন ?

শেহতীয়াকৈ জি ডি ছি এলক কামৰ পৰা অব্যাহতি দিয়াত স্বাভাৱিকতে লিংকন এণ্ড ডিগনিটি (linkan and dignity) নামৰ প্ৰতিষ্ঠানটোৰ কাম-কাজো বন্ধ হৈ পৰিল ৷ এই দুয়োটা প্ৰতিষ্ঠানৰ বিষয়া সকলে টীয়কৰ মেলেং মেটেলিস্থিত কাৰ্যালয়ও ইতিমধ্যে ত্যাগ কৰিছে ৷

লগতে পঢ়ক : বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !

স্থানীয় এগৰাকী ভুক্তভোগী ঠিকাদাৰে সাংবাদিকৰ আগত সদৰি কৰা মতে, নিৰ্মাণৰ দায়িত্ব থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক আনাদায় হৈ থকা বিনিয়োগ কৰা ধন আদায় কৰিবলৈ বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও কোনো ধনাত্মক উত্তৰ লাভ নকৰিলে ৷ ফলত সামগ্ৰী যোগান ধৰিবৰ বাবে ঠিকাদাৰ সকলে যি উৎসৰ পৰা টকা ধাৰ লৈ বিনিয়োগ কৰিছিল সেই উৎসক টকা ঘূৰাই দিব পৰা নাই ৷

ইফালে, মাটি, পলস, শিল, বালি যোগানৰ বাবে যিসমূহ ট্ৰাক বা ডাম্পাৰ ব্যৱহাৰ কৰিছিল সেই সমূহকো প্ৰাপ্য টকাখিনি দিব পৰা নাই ঠিকাদাৰ সকলে ৷ আনাদায় হৈ টকা খিনিৰ বাবে GDCL আৰু linkan and dignity ৰ কাৰ্যালয়লৈ পুনৰ টীয়ক স্থানীয় ঠিকাদাৰ সকল গৈছিল যদিও কাৰ্যালয়ত কোনো বিষয়া তথা কৰ্মচাৰী লগ নাপায় ৷

এনে ক্ষেত্ৰত টীয়কৰ যুৱক তথা স্থানীয় ঠিকাদাৰ সকলে জিলা উপায়ুক্তৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত এক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.