ETV Bharat / state

Assam Nagaland Border Violence: দিচৈভেলীত পুনৰ অসমীয়াক গুলীয়াই মৰাৰ ভাবুকি নগা দুৰ্বৃত্তৰ

author img

By

Published : Jan 29, 2022, 3:59 PM IST

ডিমাপুৰত অসম-নাগালেণ্ডৰ মাজত স্বাক্ষৰিত চুক্তিক গুৰুত্বহীন কৰি মৰিয়নিৰ দিচৈভেলীত বৰ্তমানেও অব্যাহত আছে নগা দুৰ্বৃত্তৰ দপদপনি। খৰি আনিবলৈ যোৱা লোকক গুলিয়াই মৰাৰ ভাবুকি নগা দুৰ্বৃত্তৰ (Naga miscreants threaten to shoot people of Disoi Valley)৷

miscreants-not-preventing-assamese-people-from-entering-in-nagaland
অসমৰ ভূমিত অসমীয়াক প্ৰৱেশত বাধা নগা দুৰ্বৃত্তৰ

যোৰহাট, 29 জানুৱাৰী : অসমৰ ভূমিতে অসমীয়াক বাধা নগা দুৰ্বিত্তৰ, খৰি আনিবলৈ যোৱা লোকক পুনৰ গুলিয়াই মৰাৰ ভাবুকি নগা দুৰ্বিত্তৰ ৷ উল্লেখ্য যে, ২০২১ চনৰ ২৭ মে তাৰিখে ৰাজ্য কপাঁই যোৱা এক ঘটনা সংঘটিত হৈছিল মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলত ৷ সেই সময়ৰ কংগ্ৰেছ তথা বৰ্তমানৰ মৰিয়নী সমষ্টিৰ BJP বিধায়ক ৰূপজ্যোতি কুৰ্মী, স্থানীয় গাঁওবাসী তথা মৰিয়নীৰ কেইগৰাকীমান সাংবাদিকৰ দলে দিচৈ ভেলী বনাঞ্চলস্থিত অসমৰ ভুমিত নগা বেদখলকাৰীৰ আগ্ৰাসন পৰিদৰ্শন কৰিবলৈ যোৱা সময়তে দলটোক লক্ষ্য কৰি গুলী বৰ্ষণ কৰিছিল নগা দুৰ্বৃত্তই (Assam Nagaland Border Violence) ৷

কিন্তু নগাৰ গুলীত কথমপি প্ৰাণ ৰক্ষা পৰিছিল দলটোৰ ৷ ইয়াৰ পিছতে যোৰহাট জিলা প্ৰশাসন তথা চৰকাৰ যথেষ্ট তৎপৰ হৈ পৰিছিল আৰু উক্ত স্থানত স্থাপন কৰিছিল অসম আৰক্ষীৰ এটা অস্থায়ী শিবিৰ ৷

পিছে কিছুদিনৰ পাছত নগালেণ্ডৰ ডিমাপুৰত হোৱা এক শান্তি চুক্তিৰ পাছত দুয়োখন ৰাজ্যই উক্ত স্থানৰ পৰা নিজ নিজ আৰক্ষী শিবিৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল ৷ পিছে শান্তি চুক্তিত থকা প্ৰতিশ্ৰুতিসমূহ ভংগ কৰি বৰ্তমান পুনৰ ভাবুকি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে নগালেণ্ডে(Naga miscreants threaten to shoot people of Disoi Valley) ৷ অসম-নাগালেণ্ডৰ শীৰ্ষ নেতৃত্বই দুয়োখন ৰাজ্যৰ মাজত ডিমাপুৰত স্বাক্ষৰিত চুক্তিক ভেঙুচালি কৰি নাগা দুৰ্বৃত্তই মৰিয়নিৰ দিচৈভেলীত অব্যাহত ৰাখিছে নিজৰ দপদপনি । দুয়োখন ৰাজ্যই বিবাদমান অঞ্চলত স্থাপন কৰা অস্থায়ী আৰক্ষী নিবেশ উঠাই নিয়াৰ লগতে সীমান্ত অঞ্চলত শান্তি-সম্প্ৰীতি বজাই ৰাখিব বুলি চুক্তিত স্বাক্ষৰ কৰিছিল ।

কিন্তু বৰ্তমান দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ যি স্থানত অসম আৰক্ষীৰ শিবিৰ নিৰ্মাণ কৰিছিল সেই স্থান নগালেণ্ডে পুনৰ নিজ দখলত ৰাখি উক্ত অঞ্চলত অসমৰ লোকৰ প্ৰবেশ নিষিদ্ধ কৰি ৰখাৰ উপৰিও উক্ত স্থানত প্ৰৱেশ কৰিলে সীমান্তবাসী অসমীয়া লোকক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে নগা দুৰ্বিত্তই । সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে শীঘ্ৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে, অনাগত দিনত সীমান্ত অঞ্চলটোত পুনৰ সংঘাত সৃষ্টি হোৱাতো নিশ্চিত ৷

লগতে পঢ়ক : Naga aggression in Border : চৰকাৰে আজিও নিৰ্মাণ নকৰিলে সীমান্ত নিৰীক্ষণ চকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.