ETV Bharat / state

যোৰহাটত জাৱৰৰ দ'মঃ আহৰি নাই পৌৰসভাৰ

পাঁচ দিন ধৰি বায়ু প্ৰদুষণৰ সৃষ্টি কৰি অহা জাৱৰৰ দ'মে অঞ্চলজুৰি এতিয়া বেমাৰৰ বীজাণু বিয়পোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ যিসময়ত চৰকাৰে স্বচ্ছ ভাৰতৰ দৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তেনে সময়তে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে ৰাখিবলৈ পৌৰসভাৰ অনিশ্চয়তাত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৷

যোৰহাটত জাৱৰৰ দ'মে জ্বলা-কলা খুৱাইছে ৰাইজক
author img

By

Published : Jun 8, 2019, 12:31 PM IST

যোৰহাট,8 জুন: যোৰহাটৰ চোলাধৰা অঞ্চলত কেইবাদিনো ধৰি পৰি আছে জাৱৰভৰ্তি এটা ডাষ্টবিন । কিন্তু জাৱৰসমূহ নিষ্কাষণ কৰাৰ সময় নাই পৌৰসভা কৰ্মীৰ । যাৰ ফলত বাৰুকৈয়ে জীয়াতু ভূগিবলগীয়া হৈছে চোলাধৰাবাসী ৰাইজে । পাঁচ দিন ধৰি বায়ু প্ৰদুষণৰ সৃষ্টি কৰি অহা জাৱৰৰ দ'মে অঞ্চলজুৰি এতিয়া বেমাৰৰ বীজাণু বিয়পোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

যোৰহাটত জাৱৰৰ দ'মে জ্বলা-কলা খুৱাইছে ৰাইজক

যিসময়ত চৰকাৰে স্বচ্ছ ভাৰতৰ দৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তেনে সময়তে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে ৰাখিবলৈ পৌৰসভাৰ অনিশ্চয়তাত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৷ দীৰ্ঘদিনে জাৱৰৰ দ'ম এটা চহৰখনৰ গুৰুত্বপূৰ্ণ অঞ্চলত পৰি থকাৰ পাচত গা লৰিবনৈ সংশ্লিষ্ট পক্ষৰ?

পৌৰসভাৰ জাৱৰৰ ফুলাদানী।।পাচ দিন ধৰি সৃষ্টি কৰিছে বায়ু প্ৰদুষণৰ।।

কথাকৈ থাকিলে ওৰ নপৰা এখন পৌৰসভা।যোৰহাট পৌৰসভা।সমতাৰ খকে মতিলিয়ান কৰা পৌৰসভা খনৰ কাৰ্য কাল ও শেষ হবলৈ‌ এটা বছৰহে আছেগৈ।কিন্তু বিগত সময়চোৱাত পৌৰসভাৰ কৰ্ম ই ভালকৈয়ে জীয়াটো ভূগাইছে কৰদাতা ৰাইজক।যোৰহাটৰ চোলাধৰা অঞ্চলত কেইবাদিনো ধৰি পৰি আছে জাৱৰ ভৰ্ত্তি এটা ফূলদানী স্বৰূপ ডাচবিন।কিন্তু সময় নাই পৌৰ কৰ্মীৰ জাৱৰ সমূহ নিক্ষাসন কৰাৰ।অহা সোমবাৰলৈকৈ চোলাধৰা বাসীয়ে গেলা পছা সুগন্ধি লৈয়ে দৈনন্দিন জীৱনৰ কাম কৰিব লাগিব।কাৰন আজি ছেকেন্ড ছেটাৰডেই বাবে পৌৰসভাৰ কায্যলয় বন্ধ লগতে কাললৈ দেওবাৰ।সেয়েহে সোমবাৰলৈকৈ পৌৰসভাৰ সুগন্ধি লবলৈ বাধ্য বৃহত্তৰ অঞ্চল বাসী।সচ্ছতাৰ কথাকোৱা বিজেপিৰ চৰকাৰৰ পৌৰসভাৰ শেহতীয়া কৰ্মই যোৰহটীয়া ৰাইজক ভাল শিক্ষা দি আহিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.