মৰিয়নী, 18 জুলাইঃ চাইকেল চলাই অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নীৰ ৰনখাম উপস্থিত হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ ৰনখামত থকা অসম আৰক্ষীৰ ভগ্নপ্ৰায় সীমান্ত চাউনিটোৰ কেইবাটাও কক্ষ পুনৰ নিৰ্মাণ কৰাৰ উদ্দেশ্যে ৰনখামত উপস্থিত হয় বিধায়কগৰাকী ৷ উল্লেখ্য যে, নগাৰ আগ্ৰাসন আৰু উপদ্ৰৱৰ পৰা 2015 চনতে অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী মৰিয়নীৰ ৰনখামত এটা বি অ পি নিৰ্মাণ কৰা হৈছিল ৷ উক্ত বি অ পিটোত কৰ্তব্যৰত আৰক্ষী জোৱানসকল তথা চাউনিতো মেৰামতিৰ অভাৱত জহি-খহি যোৱা পৰিলক্ষিত হৈছে ৷ ফলত নানান সমস্যাৰ সন্মুখীন হৈছে আৰক্ষী জোৱানসকল ৷
লগতে পঢ়কঃ প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত উত্তপ্ত পৰিস্থিতি
কিন্তু দিনে-নিশাই সীমান্তত পহৰা দি থকা আৰক্ষীসকলৰ বাবে এই চাউনিটো মেৰামতি কৰি দিবলৈ আহৰি নাই চৰকাৰৰ ৷ সেয়ে অসম চৰকাৰে চাউনিতো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত হেমহি কৰাৰ অভিযোগ উত্থাপন কৰি চাউনিটো পুনৰ নিৰ্মাণত নামি পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী । স্থানীয় গাঁওবাসীৰ সহযোগত হাতে-কামে লাগি যায় বিধায়কগৰাকী । হাতত দা লৈ বাঁহ কাঠ কাটি বিধায়কগৰাকীয়ে পুনৰ নিৰ্মাণ কৰি উলিয়াই আৰক্ষী চাউনিটোৰ কেইবাটাও কক্ষ। সমান্তৰালকৈ শীঘ্ৰেই উক্ত সীমান্ত চাউনিটো উন্নত মানদণ্ডৰ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাই বিধায়কগৰাকীয়ে ৷