ETV Bharat / state

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণে সম-উন্নয়ন কৰিব; ৰূপজ্য়োতি কুৰ্মী

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনাই বিৰোধীক তীব্ৰ কটাক্ষ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ ভূপেন বৰা, অখিল গগৈ আৰু বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি ল’লে বিধায়কগৰাকীয়ে ৷

Constituency delimitation
Constituency delimitation
author img

By

Published : Jun 25, 2023, 8:31 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণে সম উন্নয়ন কৰিব; ৰূপজ্য়োতি কুৰ্মী

টীয়ক, 25 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ দেওবাৰে বিধায়কগৰাকীয়ে কয় যে, দৈনন্দিন ব্যস্ততাৰ বাবে এই পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশ পোৱা প্ৰথমখন খচৰা পঢ়িবলৈ সময় পোৱা নাই ৷ অৱশ্য এই খচৰাক সমৰ্থন জনাইছে ৰূপজ্যোতি কুৰ্মীয়ে ৷ লগতে এই সমষ্টি পুনৰ নিৰ্ধাৰণে সম-উন্নয়নৰ ভূমিকা পালন কৰিব বুলিও আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলতো সকলো সমষ্টিয়ে সমভোটাৰ লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

ইফালে বিৰোধী কোন বুলি প্ৰশ্ন কৰি ভূপেন বৰাকো সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কিয় ‘ৰঙানদী’ সমষ্টি দিয়া হ’ল বুলি প্ৰশ্ন কৰা সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কয় ‘‘ৰঙানদী সমষ্টি হোৱাৰ ফলত ৰাইজৰ উন্নয়ন হ’ব, যিটো ভূপেন বৰাই ভালহে পাব লাগিছিল ৷’’ ইয়াৰ বিৰোধিতা কৰি বিৰোধীয়ে ৰাইজক চৰম অপমান কৰিছে বুলিও মন্তব্য কৰে ৷

অখিল গগৈকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৰূপজ্যোতি কুৰ্মীয়ে ৷ তেওঁ কয় যে অখিল গগৈ অসুৰক্ষিত বাবেহে মাত মাতিছে ৷ ৰূপজ্যোতি কুৰ্মীৰ মতে অখিল গগৈয়ে কেৱল নিজৰ স্বাৰ্থক গুৰুত্ব দিছে ৷ একেদৰে বদৰুদ্দিন আজমলৰ মন্তব্যৰো প্ৰত্যুত্তৰ দি কুৰ্মীয়ে কয় যে, আজমলে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ কথাহে চিন্তা কৰিছে ৷

বিৰোধী স্বাৰ্থপৰ আৰু তেওঁলোকে নিজ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে মুখ খুলিছে আৰু ভয় খাইছে বুলি মন্তব্য কৰি তীব্ৰ কটাক্ষ কৰে কুৰ্মীয়ে ৷ ইফালে বিৰোধী দলসমূহে বিজেপিয়ে নিজৰ স্বাৰ্থ পুৰনৰ বাবে নিজ ইচ্ছামতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Ranoj Pegu Controversy: শিক্ষকক উদ্দেশ্যি কটু মন্তব্য শিক্ষামন্ত্ৰীৰ; ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.